/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/i38lry3g/7.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি: সময়ৰ পৰিবৰ্তনৰ লগে লগে বাতৰি কাকত পঢ়ুৱৈৰ সংখ্যা তুলনামুলকভাৱে কমি যোৱাৰ সময়ত এনে পদক্ষেপে পঢ়ুৱৈক যথেষ্ট খিনি উৎসাহিত কৰিব৷ নিৰ্মল হালৈ মহাবিদ্যালয় আৰু পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ এই পদক্ষেপ প্ৰসংশনীয়৷ এই মন্তব্য আগবঢ়ায় দৈনিক অসম কাকতৰ সম্পাদক ড° হিতেশ ডেকাই৷ শনিবাৰে পাটাছাৰকুছিত দুটা বিনামূলীয়া বাতৰিকাকত ষ্টেণ্ড মুকলি কৰি তেঁও এনেদৰে মন্তব্য আগবঢ়ায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/axqm2z7v/aae3a8f0-2ecd-45d1-bb14-e7a99ef00721.jpg)
এই মুকলি অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড° কৌশিক ডেকাই ড° হিতেশ ডেকাক এখন ফুলাম গামোচাৰে আদৰণি জনায়৷ পাটাছাৰকুছি প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আদৰণি জনোৱা হয়৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক পুলিন কলিতাও উপস্থিত থাকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/aq0m6vk9/4a2eca82-f44f-4aba-b38c-bb44fde9bd86.jpg)
ব্যস্ততাৰে ভৰা জীৱনত সময়ৰ অভাৱত বা আৰ্থিক অনাতনৰ বাবে বাতৰি কাকত পঢ়াৰ পৰা বঞ্চিত লোকৰ বাবে এই পদক্ষেপে এক ধনাত্মক প্ৰভাৱ পেলাব বুলি পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাই আশা প্ৰকাশ কৰিছে৷ চলচিত্ৰ পৰিচালক অধ্যাপক ৰাজেন দাসে উক্ত অনুষ্ঠানৰ আঁত ধৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/n1lfqsw3/115d1089-d3a1-46d5-93fb-eb852a635617.jpg)
এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰে পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগ আৰু পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সহযোগত আজিৰে পৰা মুকলি হোৱা দুখনকৈ বাতৰি কাকত ষ্টেণ্ডত উপলব্ধ হ'ব চাৰিখনকৈ স্থানীয় ভাষাৰ আগশাৰীৰ বাতৰি কাকত৷ সুন্দৰকৈ ষ্টিলেৰে নিৰ্মাণ কৰা ষ্টেণ্ডটোত পথচাৰীৰে নিতৌ আৰামত বিনামূলীয়াকৈ চকু ফুৰাব পাৰিব স্থানীয় ভাষাৰ বাতৰি কাকতত৷
ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰখা হ'ব এই বাতৰিকাকতৰ ষ্টেণ্ড ৷ যাৰ নাম ৰখা হৈছে বাৰ্তানীড়৷ সকলো পঢ়ুৱৈৰ বাবেই মুকলি থাকিব এই বাৰ্তানীড়৷ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক ডেকাই জানিবলৈ দিয়ে যে এই পদক্ষেপৰ জড়িয়তে বহু পঢ়ুৱৈ উপকৃত হব বুলি আশা কৰা হৈছে৷ ইয়াৰ জৰিয়তে ৰাইজৰ মাজত বাতৰি কাকত পঢ়াৰ এক পৰিবেশ সৃষ্টিৰ লগতে বিশেষকৈ বৌদ্ধিক দিশৰ বিকাশো সাধন হ'ব বুলিয়েই এনে ব্যক্তিক্ৰমী প্ৰয়াস কৰা হৈছে ৷
Also Read: ককা-নাতিৰ সম্বন্ধত লাগিল দাগ !