/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-10/gzv0j68u/186.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটত সংঘটিত এক নিৰ্লজ্জ কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। ৬০ বছৰীয়া ককাকৰ বিৰুদ্ধে উত্থাপিত হৈছে ৭বছৰীয়া নাতিনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। জামুগুৰিহাটৰ বাকোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে গাঁৱখনৰ নুৰজামাল আলি নামৰ ব্যক্তিজনে নিজৰ ৰুমলৈ মাতি নি সাত বছৰীয়া নাতিনীক চলাই যৌন নিৰ্যাতন। পিছত নাতিনীয়েকে লম্পট ককাকৰ সমস্ত ঘটনাৰ বিষয়ে নিজ মাতৃক অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত শিশুটিৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছে। ইয়াৰ পাছতে আৰক্ষীয়ে পক্স আইনৰ অধীনত নুৰজামাল আলিক গেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।
Also Read: আৰু আছে বহু অশোক শৰ্মা !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us