বৰহোলাৰ ভোগালী মেলাত দৈনিক লাখ টকাৰ পিঠা, জলপান বিক্ৰী...

বৰহোলাৰ ভোগালী মেলাত দৈনিক লাখ টকাৰ পিঠা, জলপান বিক্ৰী...
বৰহোলাৰ ভোগালী মেলাত দৈনিক লাখ টকাৰ পিঠা, জলপান বিক্ৰী...

ডিজিটেল সংবাদ বেকাজানঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ তিতাবৰ উন্নয়ন খণ্ডৰ অধীনৰ বৰহোলা আদৰ্শ মণ্ডলৰ চাৰিখন পঞ্চায়তৰ প্ৰায় ৩৬  টা গ্ৰাম্য সংগঠনৰ মহিলাসকলৰ উদ্যোগত বৰহোলা সপ্তাহিক বজাৰ গৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ভোগালী বিহুৰ মেলা । এই ভোগালী মেলাত বৰহোলা, বেকাজান , ইকৰানি আৰু ৰাইডাংজুৰি পঞ্চায়তৰ প্ৰায় ৩৬ গ্ৰাম্য সংগঠনৰ ১৬০ গোটৰ আত্মসহায়ক গোটৰ মহিলাই ঘৰত প্ৰস্তুত কৰা জালুক আৰু  হালধি গুৰি, বিভিন্ন পিঠা- পনা, সান্দহ, চিৰা মুৰী, হুৰুঙ, থলুৱা তাঁতশালত বোৱা চেলেং গামোচা, ছাদৰ মেখেলা , টঙালি,  বিবিধ থলুৱা অংলকাৰ বিক্ৰী কৰে ।

প্ৰায় ৩৬  আত্মসহায়ক গোটৰ বিপনীয়ে অংশগ্ৰহণ কৰা এই ভোগালী মেলাত  প্ৰথমেই আশানৰূপভাৱে দৈনিক প্ৰায় ১ লাখ টকাকৈ জা- জলপান আৰু গামোচা বিক্ৰী হৈছে । এই ভোগালী বিহুৰ মেলাৰ সন্দৰ্ভত আত্মসহায়ক গোটৰ বৰহোলা মণ্ডল সংগঠন বিষয়াববীয়াসকলে জানিবলৈ দিয়ামতে তিতাবৰ মহকুমাৰ বৰহোলাত চাৰিখন পঞ্চায়তৰ আত্মসহায়ক গোটৰ প্ৰায় ৩৬ টা গ্ৰাম্য সংগঠনৰ মহিলাসকলে উৎপাদন কৰা বিহুৰ জা জলপান, পি

যিহেতু বৰহোলা অঞ্চল ধানখেতি আৰু সুগন্ধি চাউলৰ বাবে বিখ্যাত সেয়ে গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে প্ৰস্তুত কৰা থলুৱা খাদ্য সম্ভাৰ আৰু  বিভিন্ন বস্ত্ৰ বিক্ৰী কৰি উপাৰ্জন কৰাৰ উদ্দেশ্যে দ্বিতীয় বাৰৰ বাবে বৰহোলাত এই ভোগালী মেলা আয়োজন কৰা হৈছে । এই মেলাত ৰাইজ আৰু গ্ৰাহকৰ সঁহাৰি উৎসাহজনক ।

প্ৰথম দিনাই একোখন দোকানে প্ৰায় দহ হাজাৰ পৰা ১৫ হাজাৰ টকালৈ পিঠাপনা বিক্ৰী কৰিছে । প্ৰথম দিনাই  ৩৬ টা সংগঠনে ১ লাখ টকাকৈ  নিজৰ থলুৱাভাৱে ঘৰতে উৎপাদন কৰা জা, জলপান বিক্ৰী কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা এই ভোগালী বিহুৰ মেলাত আত্মসহায়ক গোটৰ মহিলাই যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in