মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল ছমাহৰ বাবে বৃদ্ধি

এই সদনে মণিপুৰ সন্দৰ্ভত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ ঘোষণাপত্ৰখন ১৩ আগষ্ট, ২০২৫ৰ পিছত ছমাহৰ বাবে অব্যাহত ৰখাত অনুমোদন জনাইছে।

New Update
1

ডিজিটেল ডেস্কঃমণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনকাল ছমাহৰ বাবে বৃদ্ধিৰ ব্যৱস্থা থকা সাংবিধানিক প্ৰস্তাৱত মঙলবাৰে সংসদে অনুমোদন জনায়। বিভিন্ন বিষয়ত বিৰোধী সদস্যৰ হুলস্থুলৰ মাজতে আজি ৰাজ্যসভাত উক্ত প্ৰস্তাৱ গৃহীত হয়। ইতিমধ্যে লোকসভাই উক্ত প্ৰস্তাৱত অনুমোদন জনাইছে।

ইয়াৰ পূৰ্বে গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সৈতে জড়িত সাংবিধানিক প্ৰস্তাৱটো উচ্চ সদনত আলোচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰে, যাৰ অধীনত সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসন ১৩ আগষ্টৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হ’ব।

Advertisment

প্ৰস্তাৱটোত কোৱা হৈছে যে, এই সদনে মণিপুৰ সন্দৰ্ভত সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ১৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ ঘোষণাপত্ৰখন ১৩ আগষ্ট, ২০২৫ৰ পিছত ছমাহৰ বাবে অব্যাহত ৰখাত অনুমোদন জনাইছে।

উচচ সদনত উপ অধ্যক্ষ হৰিৱংশে আলোচনাৰ বাবে কেইবাজনো সদস্যৰ নাম আহ্বান কৰে যদিও ৱাই এছ আৰ কংগ্ৰেছৰ সুভাষ চন্দ্ৰ বসু পিল্লাই আৰু বিজু জনতা দলৰ মুজিবুল্লাহ খানৰ বাহিৰে আন কোনো বিৰোধী সদস্যই আলোচনাত অংশগ্ৰহণ কৰা নাছিল।

মণিপুৰ