বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে অভিনেতা পৰেশ ৰাৱালে...

বাঙালী সন্দৰ্ভত কৰা এক মন্তব্যৰ সৈতে বিতৰ্কত সোমাই পৰিছে অভিনেতাগৰাকী

author-image
Asomiya Pratidin
New Update
বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে অভিনেতা পৰেশ ৰাৱালে...

বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে অভিনেতা পৰেশ ৰাৱালে

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি ক্ষমা বিচাৰিলে অভিনেতা পৰেশ ৰাৱালে। গুজৰাটৰ নিৰ্বাচনী সভাত বি জে পিৰ হৈ প্ৰচাৰ চলাই থকা সময়ত অভিনেতাগৰাকীয়ে বাঙালী সন্দৰ্ভত কৰা এক মন্তব্যৰ সৈতে বিতৰ্কত সোমাই পৰিছে।

Advertisment

উক্ত নিৰ্বাচনী সভাত উলিওৱা এক ৰেলীত অংশলৈ মুদ্ৰাস্ফীতি সন্দৰ্ভত তেঁও কৈছিল যে, গুজৰাটবাসীয়ে মুদ্ৰাস্ফীতি সহ্য কৰিব কিন্তু কাষত "বাংলাদেশী আৰু ৰহিংগীয়া" নহয়। লগতে চিলিণ্ডাৰৰ মূল্য প্ৰসংগত তেঁও কৈছিল যে, গেছ চিলিণ্ডাৰবোৰ ব্যয়বহুল, কিন্তু সেইবোৰৰ মূল্য হ্ৰাস পাব। ৰাইজেও নিযুক্তি পাব।

কিন্তু যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীসকলে দিল্লীৰ দৰে চাৰিওফালে বাস কৰা আৰম্ভ কৰে তেন্তে কি হ'ব ? গেছ চিলিণ্ডাৰৰ সৈতে আপোনালোকে কি কৰিব? সেইসকল বাঙালীৰ বাবে মাছ ভাজিব নেকি?" এইধৰণৰ মন্তব্যৰ বাবে অভিনেতাগৰাকীয়ে ক্ষমা প্ৰাৰ্থনা বিচাৰে।

তেঁও ক্ষমা প্ৰাৰ্থনাত কয় যে, মাছটো সমস্যা নহয় কিয়নো গুজৰাটীসকলে মাছ ৰান্ধি খায়। আনহাতে অভিনেতাগৰাকীয়ে বঙালী সকলৰ জ্ঞাতাৰ্থে স্পষ্টভাৱে জনায় যে, তেঁও অবৈধ বাংলাদেশী তথা ৰহিংগিয়াসকলৰ প্ৰসংগত হে উক্ত মন্তব্য আগবঢ়োৱা বুলি কয়। লগতে উল্লেখ কৰে যে,যদি তেঁও সেইসকলৰ অনুভূতিক আঘাত হানিছে তেন্তে তেঁও সেইসকল ৰাইজৰ ওচৰত ক্ষমা বিচৰা বুলি সামাজিক মাধ্যমত উল্লেখ কৰে।

আৰু পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকে কান্দিছে...

gujrat paresh rawal