ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকে কান্দিছে...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকে কান্দিছে...

মৃদুল কুমাৰ সন্দিকৈ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ বাবে বিশ্ববিদ্যালখনৰ প্ৰতিজন ছাত্ৰ কেতিয়াও জগৰীয়া নহয়। আনকি নাম একে হোৱাৰ বাবে সীমান্ত হাজৰিকা নামৰ এজন নিৰ্দোষী ছাত্ৰ কাৰাগাৰলৈ যাব লগা হ'ল।

আনন্দ শৰ্মাই সীমান্ত হাজৰিকাৰ নাম লৈছিল। এই ছাত্ৰজন আছিল পদ্মনাথ গোঁহাঞি বৰুৱা আৱাসৰ চি ব্লকৰ আৱাসী। কিন্তু আৰক্ষীয়ে এ ব্লকৰ সীমান্ত হাজৰিকা নামৰ ছাত্ৰ জনক গ্ৰেপ্তাৰ কৰাৰ পাছত খোদ আনন্দ শৰ্মাই পৰিয়ালৰ জৰিয়তে সেই কথা ক'ব লগা হৈছে।

আৰক্ষীয়ে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰেগিং কাণ্ডৰ তদন্তৰ নামত নিৰ্দোষী ছাত্ৰ যাতে বলি নহয় তাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰখাৰ প্ৰয়োজন আছে।প্ৰশ্ন হয়, নৱাগত ছাত্ৰ অহাৰ পাছতো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনা কিয় অৱহেলা কৰিলে?

কেইবাগৰাকীও নৱাগত ছাত্ৰই বিশ্ববিদ্যালয় খনৰ ৰেগিং সংঘটিত হোৱা ছাত্ৰাবাসটোৰ ৱাৰ্ডেনক লিখিত আৰু মৌখিক অভিযোগ দিছিল। যি গৰাকী ৱাৰ্ডেনে কেৱল উৰ্দ্ধতম কৰ্তৃপক্ষলৈ মই সেইবোৰ পঠাইছো বুলি নিজৰ দোষ ঢাকিব বিচাৰিছে সেই গৰাকী ৱাৰ্ডেনে জানো অভিযোগ পত্ৰ হাতত লৈ অভিযুক্ত ছাত্ৰক হোষ্টেললৈ গৈ কৈ অহা নাছিল নে কাৰ কাৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে।

বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপচাৰ্য জীতেন হাজৰিকাও এসময়ত ৱাৰ্ডেন আছিল। তেখেতে এম এ এ নিৱাসৰ ৱাৰ্ডেন হিচাপে দায়িত্ব চম্ভালিছিল। উপাচাৰ্য গৰাকীয়েও এইবোৰ বিষয় কেনেকৈ চম্ভালিব লাগে সেই অভিজ্ঞতা থকাৰ পাছতো কিয় সাধাৰণ ঘটনা বুলি গা এৰা দিছিল।

ৰেগিং কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হৈছিল কেতিয়া? যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় বিশ্ব বিদ্যালয়ক কৰ্তৃপক্ষৰ ভূমিকাক চোকা ভাষাৰে সমালোচনা কৰিলে। আনকি বিশ্ববিদ্যালয়খনৰ এই ভূমিকাক লৈ কেবিনেট বৈঠকতো অসন্তুষ্টি প্ৰকাশ কৰা হ'ল।

অভিযোগ উঠিছে বিশ্ববিদ্যালয়খনত কেৱল লবীৰাজ চলে। যোৱা কেইবাবছৰ ধৰি বিশ্ববিদ্যালয় খনৰ চৰ্চা বিদ্যায়তনিক দিশত হোৱা নাই। কেতিয়াবা যদি অংকৰ মাষ্টৰক লৈ চৰ্চা, আন কেতিয়াবা নাথ ছাৰৰ মৰমত অতিষ্ঠ হোৱা ছাত্ৰীক লৈ সংবাদ শীৰ্ষত এই বিশ্ববিদ্যালয়খনে স্থান লাভ কৰিছে।

চীনৰ পৰা সামগ্ৰী চুৰি কৰি অনা, মটৰ চাইকেলেৰে লখিমপুৰ, গুৱাহাটী ঘূৰা বুলি ভুৱা বিল দি লাখ লাখ টকা উলিয়াই নিয়া অপসাৰিত উপাচাৰ্য বোৰৰ কথা খুচৰিবলৈ নগ'লেও মানুহে কিন্তু পাহৰা নাই।

আনহাতে বৰ্তমানৰ পঞ্জীয়ক গৰাকীৰ কথা সুকীয়াই। ভাৰপ্ৰাপ্ত এই পঞ্জীয়ক গৰাকীৰ শিক্ষা, বিশ্ববিদ্যালয়ৰ সমস্যা বা আন শৈক্ষিক দিশতকৈ তেওঁৰ বেছি চিন্তা ৰাজনীতিক লৈ।

দুই-এবাৰ নিৰ্বাচন খেলি পৰাজয়ৰ মুখ দেখা ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীক আনকি শেহতীয়া দেউৰী নিৰ্বাচনত অন্যতম প্ৰচাৰক ৰূপত দেখা পোৱা গ'ল। হয়তো তেওঁ এনেদৰে এই গুৰুত্বপূৰ্ণ পদবীত থকাৰ আঁৰতো আছে ৰাজনৈতিক আশীৰ্বাদ।

আনন্দ শৰ্মা সৌভাগ্য ক্ৰমে বাছি গ'ল। যদি মৃত্যু হ'ল হৈ তেনেহ'লে এইবোৰ ৰেগিঙৰ গোপন অধ্যায় আন্ধাৰতে ৰৈ গ'ল হয়। নিজক ৰক্ষা কৰিবলৈ সেয়া এক আত্মহত্যাৰ ঘটনাৰ ৰূপ দি ভব্য গব্য ৰূপত এই সকল থাকি গ'লহেতেন বিশ্ববিদ্যালয়ত।

উচ্চ পৰ্যায়ৰ তদন্ত কমিটিৰ ওচৰত উপাচাৰ্য, পঞ্জীয়ক, মুখ্য ৱাৰ্ডেন আদিয়ে সাক্ষ্য প্ৰদান কৰিলে। আত্ম পক্ষৰ সমৰ্থনত তেওঁলোকে কোৱা কথাবোৰেই আমি সঁচা বুলি ধৰি ল'ব নোৱাৰো।

লিখিত অভিযোগ দিয়াৰ ৩ দিনৰ পাছলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গা লৰা নাছিল। মুখ্যমন্ত্ৰীৰ ৰঙা চকু দেখি এন্টি ৰেগিং কমিটিৰ বৈঠক পাতিলে।সেয়া কেতিয়া অনুষ্ঠিত হ'ল তাতো সন্দেহৰ অৱকাশ ৰৈ যায়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৱেবচাইটত কিন্তু সকলোবোৰ জাননী ৩০ নৱেম্বৰ ২০২২তহে আপলোড কৰা হৈছে। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মুকলিকৈ সমালোচনা কৰাৰ পাছত এই তৎপৰতা প্ৰদৰ্শন হ'ল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বদনাম কৰাৰ ধৃষ্ঠতা কাৰোৱেই নাই। বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ চৰ্চিত পদ্মনাথ গোঁহাঞি বৰুৱা ছাত্ৰাবাসৰ ভিতৰত কি চলে নচলে সেয়া ভিতৰৰ কথা। তাক বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰে পুষ্ট ছাত্ৰ থাকিব পাৰে।

আছু, এন এছ ইু আই, এ বি ভি পি, টি এম পি কে, ছাত্ৰ মুক্তি আদি সমৰ্থকৰ মাজত সংঘাত, আদৰ্শৰ অমিল থকাৰ বাবেই যদি কোনোবাই কাৰোবাক জগৰীয়া সজোৱাৰ চেষ্টা কৰিছে সেয়া দুৰ্ভাগ্যজনক।

সংবাদ মাধ্যমৰ ভূমিকাকলৈও প্ৰশ্ন উঠিছে। হোষ্টেলৰ ফালৰ পৰা কোনো মতামত লোৱা নাই বুলি কোৱা হৈছে। সামাজিক মাধ্যমকো একাংশ ছাত্ৰই জগৰীয়া কৰিছে। এইবোৰ চৰ্চাৰ মাজতেই আৰক্ষীৰ অভিযান চলিছে।

ৰাহুল চেত্ৰী নামৰ 'কা' আন্দোলনৰ নেতৃত্ব দিয়া ছাত্ৰ গৰাকী এই ৰেগিং কাণ্ডৰে জড়িত বুলি কোৱা হৈছে। পলাতক ৰাহুল চেত্ৰীক আজিও বিচাৰি আছে পুলিচে। ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদকৰ পৰা তেওঁক বিদায় দিয়া হৈছে সাময়িকভাৱে।

এই ৰেগিং কাণ্ড এটা সাধাৰণ ৰেগিং কাণ্ড হৈ থকা নাই। ইয়াৰ গইনা লৈ বহুতে নিজৰ স্বাৰ্থও পূৰণ কৰিছে নেকি সেয়াও মন কৰিবলগীয়া। বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক কল্যান ভূঞাই তীব্ৰ অসন্তুষ্টিৰে কৈছে- তেওঁ মুখ্য অধীক্ষক হৈ থাকিলে সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত অসমৰ, বিশ্ববিদ্যালয়খন অভিভাৱক বুলি দাবী কৰা কেইবাটাও ছাত্ৰ সন্থাৰ বয়োজ্য়েষ্ঠ নেতাই তেওঁৰ বদনাম ৰচিছে।

ভূঞাৰ অভিযোগ, সেই সকলৰ অতপালিৰ বাবেই হেনো বিশ্ববিদ্যালয় খন পতনৰ দিশত। মাক-দেউতাকৰ মৃত্যুতো অবিচল হৈ চকুপানী নুটুকা এই গৰাকী অধ্যাপকে হেনো এতিয়া ২৮ তাৰিখৰ পৰা কিমান কান্দিছে সেই হিচাপ তেওঁ নিজেহে জানে।

এনে ছাত্ৰ সকলক নিষ্ক্ৰিয় কৰিব নোৱাৰিলে ভগৱান, আল্লা,গড কোনো আহি ডিব্ৰুগড় বিশ্ববিদ্যায় বচাব নোৱাৰে বুলি কৈছে। কেন্সাৰৰ কোষৰ দৰে এই ব্যাধিবোৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় ছানি ধৰা কথা তেওঁ মুকলিকৈ কৈ যোৱা ৬ মাহ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা জনাইছে।

সেইবোৰ প্ৰমাণ ৰাজহুৱা কৰিলে কিছুমানে নাক উলিয়াব নোৱাৰিব বুলিও তেওঁ প্ৰত্যাহ্বান জনাইছে। মৃতদেহৰ ওপৰত ৰুটী সেকা ৰাজনীতিয়ে এই দুৰ্গতিৰ মূল বুলি তেওঁ কৈছে। দিনত ভৰি চুই ৰাতি অশ্লীল সম্বোধন কৰে হেনো ছাত্ৰ সকলে ৱাৰ্ডেনক।

ছাত্ৰ সকলৰ সেই অহংকাৰ পূৰণৰ বাবে থানাত বহি থকা অভিজ্ঞতাও তেওঁ বৰ্ণনা কৰিছে। এগৰাকী অধ্যাপক তথা মুখ্য ৱাৰ্ডেনৰ যদি এই অৱস্থা তেনেহ'লে কল্পনা কৰক কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।

ক'ত আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ? এইবোৰতো সাধাৰণ কথা নহয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কি কৰিছে? ছাত্ৰ সমাজৰ কি ভূমিকা নাই? ৰাজনীতিত ব্যস্ত সেই উপ-পঞ্জীয়ক গৰাকীয়ে অকনমান বিশ্ববিদ্যালয়খনলৈ মন কাণ দিয়ক। সংবাদ মাধ্যমক গালি পাছতো দিব।কিন্তু এখন ঐতিহ্যপূৰ্ণ বিশ্ববিদ্যালয় এনেদৰে চকুৰ সন্মুখত ধ্বংস হ'বলৈ নিদিব।অন্তত এই ঘটনাৰ পাছৰ পৰা শিক্ষা লওক। উপলব্ধি কৰক ছাত্ৰ, শিক্ষক, কৰ্তৃপক্ষ সকলোৱে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in