অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নাজানিব বুলি ভবাটো ভুলঃ তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠানত ডাঃ নাৰায়ণ শৰ্মা...

অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নাজানিব বুলি ভবাটো ভুলঃ তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠানত ডাঃ নাৰায়ণ শৰ্মা...

ডিজিটেল সংবাদ, গুৱাহাটীঃ  সাহসী, নিৰ্ভীক তথা অসমীয়া সাংবাদিকতা জগতৰ অন্যতম নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ ওপজা দিন। নিৰ্ভীক সাংবাদিকগৰাকীৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত অনুষ্ঠিত এটি গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান। ভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানখনিৰ আঁত ধৰে নিৱন্ধকাৰ ময়ূৰ বৰাই।

বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুচেইনে সভাপতিৰ আসনত অলংকৃত কৰা অনুষ্ঠানটোত পৰাগ কুমাৰ দাসৰ সহধৰ্মিনী পূৰবী দাসে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত সাংবাদিক গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে, যোৱা দুবছৰে পৰাগ কুমাৰ দাসৰ জন্মদিনটোত এই বক্তৃতানুষ্ঠানখনিৰ আয়োজন কৰি আহিছে পৰাগ কুমাৰ দাস মেমৰিয়েল ট্ৰাষ্টে।

এইবেলি তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃত্বানুষ্ঠানখনিত বক্তা হিচাপে উপস্থিত থাকে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব তথা বিশিষ্ট চিকিৎসক ডাঃ নাৰায়ণ শৰ্মা।

তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠানৰ এইবাৰৰ বিষয় আছিল- ‘শৈশৱৰ শিক্ষা, সাম্প্ৰতিক প্ৰেক্ষাপট আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান।’ বিষয়টোৰ সন্দৰ্ভত বক্তৃতা আৰম্ভণি কৰাৰ সময়তে একালৰ বন্ধু তথা সতীৰ্থ পৰাগ কুমাৰ দাসক সুঁৱৰি আৱেগিক হৈ পৰে ডাঃ নাৰায়ণ শৰ্মা। কেনেকৈ জাতি আৰু ভাষাৰ প্ৰতি থকা টানৰ বাবে লোভনীয় চাকৰি এৰি পৰাগ দাসে সামাজিক কামত সংপৃক্ত হৈ পৰিছিল সেই কথা অনুষ্ঠানটোত ৰোমন্থন কৰে ডাঃ শৰ্মাই।

ইয়াৰ পিছতে ডাঃ নাৰায়ণ শৰ্মাই মূল বিষয়ৰ সন্দৰ্ভত বক্তৃতা আৰম্ভ কৰে। প্ৰায় ৫০মিনিটৰ বক্তৃতাত তেওঁ অসমৰ লগতে দেশ-বিদেশৰ শিক্ষানীতি আৰু শৈশৱৰ শিক্ষা আৰু ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰখনত আহিব পৰা নানান প্ৰত্যাহ্বানৰ সন্দৰ্ভত আলোকপাত কৰে।  অসম জাতীয় বিদ্যালয়ে কি নীতিৰে বিগত ৩টা দশকধৰি বহু মানৱ সম্পদৰ জন্ম দিছে সেই বিষয়েও ডাঃ শৰ্মাৰ বক্তৃতাত স্থান পায়।

ডাঃ শৰ্মাই কয়- শৈশৱৰ সকলো শিক্ষা মাতৃভাষাতে প্ৰদান কৰিব লাগে। ইয়াত কোনো আৱেগিক বিষয়ে স্থান পাব নালাগে। শৈশৱত মাতৃভাষাত শিক্ষাদান কৰাটো বৈজ্ঞানিকভাৱেও এক স্বীকৃত পদ্ধতি।

শৈশৱৰ শিক্ষাত কেতিয়া নম্বৰ বা ৰেংকৰ ব্যৱস্থা থাকিবই নালাগে। তেনে কৰিলে এটি শিশুৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায় আৰু ভৱিষ্যতে ইয়াৰ প্ৰভাৱ পৰে। অসম জাতীয় বিদ্যালয়ে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি প্ৰাক-প্ৰাথমিক শিক্ষা প্ৰদান কৰি সুফল লাভ কৰি আহিছে।

অসমত প্ৰায়বোৰ প্ৰাক-প্ৰাথমিক বিদ্যালয়তেই ভুল শিক্ষা প্ৰদান কৰি আছে বুলি আক্ষেপ প্ৰকাশ কৰি ডাঃ শৰ্মাই কয়- বিশ্বৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত সদায়েই শীৰ্ষস্থান দখল কৰি অহা ফিনলেণ্ডত শিক্ষাদানৰ ৬বছৰৰলৈকে কোনো ৰেংক বা নম্বৰৰ ব্যৱস্থা কৰা নহয়। শিশুসকলে স্বতন্ত্ৰভাৱে শিক্ষা গ্ৰহণ কৰাৰ এই ব্যৱস্থাই ফিনলেণ্ডক সদায়েই মানৱ সম্পদ গঢ়াত সহায় কৰি আহিছে।

বক্তৃতাত ডাঃ শৰ্মাই মাতৃভাষা ৰক্ষা হ’লে আপোনা-আপুনি সংস্কৃতি-সাহিত্য আৰু ভাষাৰ ৰক্ষা হব বুলি উল্লেখ কৰি কয় যে,- সকলো শিশুকেই মাতৃভাষাত শিক্ষাদান কৰিলে আগন্তুক সময়ত শিক্ষাৰ ক্ষেত্ৰত বেছি লাভৱান হয়। এই ক্ষেত্ৰত জাতীয়তাবাদৰ সংকীৰ্ণ সংজ্ঞা ত্যাগ কৰিব পাৰিব লাগিব। লগত মাতৃভাষাত শিক্ষাগ্ৰহণ কৰিলেই অন্য ভাষা যেনে ইংৰাজীৰ দৰে ভাষাত দুৰ্বল হব বুলি যি মনোভাৱ পুহি ৰাখে সেই মনোভাৱ দলিয়াই পেলোৱাৰো আহ্বান জনায় শিক্ষাবিদগৰাকীয়ে। লগতে তেওঁ অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ কৰি কিদৰে জাতীয় বিদ্যালয়ৰ বহু শিক্ষাৰ্থী বিদেশত সুখ্যাতি অৰ্জন কৰিছে তাৰো উদাহৰণ দাঙি ধৰে।  

শিশুৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে সকলো শিক্ষা প্ৰদানৰ পোষকতা কৰে ডাঃ নাৰায়ণ শৰ্মাই। লগতে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বহু কথাৰ সংশোধন আৰু মানসিকতাৰ সলনিৰ কথাও ডঃ শৰ্মাই ভাষণৰ প্ৰসংগত উল্লেখ কৰে। শিক্ষানীতিৰ বহুবোৰ কথা নিজৰ বক্তব্যত স্থান দি ডাঃ শৰ্মাই সেইবোৰ বাস্তৱ ক্ষেত্ৰত সফল প্ৰয়োগৰ পোষকতা কৰে।

শিক্ষা বিষয়ক অন্য বহু প্ৰসংগৰ বিস্তাৰিত বিৱৰণ দিয়া ডাঃ নাৰায়ণ শৰ্মাৰ  ৫০মিনিটৰ এই সাৱলীল বক্তব্য চুডমাৰ্চন হলত উপস্থিত থকা প্ৰায় দুই শতাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। শেষত হাইদৰ হুচেইনৰ ভাষণেৰে অন্ত পৰে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি।

অসমীয়া মাধ্যমত পঢ়িলে ইংৰাজী নাজানিব বুলি ভবাটো ভুলঃ তৃতীয় পৰাগ কুমাৰ দাস সোঁৱৰণী বক্তৃতানুষ্ঠানত ডাঃ নাৰায়ণ শৰ্মা...
সাংবাদিকতাৰ ইতিহাসৰ নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in