সাংবাদিকতাৰ ইতিহাসৰ নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

অসমৰ সাংবাদিকতা জগতৰ অবিকল্প প্ৰতিনিধি পৰাগ কুমাৰ দাসৰ জন্মদিন
সাংবাদিকতাৰ ইতিহাসৰ নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ আজি জন্মদিন

ডিজিটেল ডেস্কঃ আজি অসমৰ সাংবাদিকতা জগতৰ অবিকল্প প্ৰতিনিধি পৰাগ কুমাৰ দাসৰ জন্মতিথি । ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্ম হৈছিল অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মীগৰাকীৰ ।

সৰুৰে পৰা মেধাৱী আছিল পৰাগ কুমাৰ দাস। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা এখেতে ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সম্পন্ন কৰে। ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে। কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ 'স্কুল অৱ্‌ ইকন্‌মিকছ'ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৮৪ চনত পঞ্জাৱ নেশ্যনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিয়ে।

আশীৰ দশকত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেন্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৪ চনৰপৰা 'আগান' আলোচনীৰ প্ৰকাশক আৰু সম্পাদক। জাতীয় জীৱনৰ বহু কথা আগানৰ জৰিয়তে পৰাগ দাসে দাঙি ধৰিছিল।

'আগান' আছিল সেই সময়চোৱাত চৰকাৰৰ বিপক্ষে জনসাধাৰণৰ মত প্ৰকাশ কৰা এখন বলিষ্ঠ বাৰ্তালোচনী। আগান কেতিয়া আহিব বুলি দোকানত পাঠক ৰৈ আছিল। অসমৰ সম-সামৰিক পৰিস্থিতিৰ আভাস তুলি ধৰিছিল পৰাগ দাসে 'আগান'ৰ জৰিয়তে।

চাকৰিৰ ধনেৰে তেওঁ প্ৰকাশ কৰিছিল 'বুধবাৰ' নামৰ কাকতখন। এই সাপ্তাহিক কাকতখনে সেই সময়ত ৰাজ্যত তুমুল আলোড়নৰ সৃষ্টি কৰিছিল। সোঁতৰ বিপৰীতে গৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে তেওঁ মুকলিকৈ লিখিছিল বহু কথা। ভয় শব্দ পৰাগ কুমাৰ দাসৰ অভিধানতেই নাছিল।

পৰাগ দাসে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই তেওঁক দুবাৰকৈ ৰাষ্ট্ৰই গ্ৰেপ্তাৰ কৰিছিল। ১৯৯২ আৰু ১৯৯৩চনত ৰাষ্ট্ৰ নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। কিন্তু ৰাষ্ট্ৰযন্ত্ৰই ৰঙাচকু দেখুৱালেও সেই চকুলৈ তেওঁ ভয় কৰা নাছিল। লিখি গৈছিল ইখনৰ পাছত সিখন গ্ৰন্থ।

স্বাধীনতাৰ প্ৰস্তাৱ নামৰ পৰাগ দাসৰ গ্ৰন্থখন চৰকাৰে নিষিদ্ধ কৰাৰ লগতে এই গ্ৰন্থৰ কপী সমূহ জব্দ কৰিছিল। 'ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপি' বিচাৰি পাঠকে হাহাকাৰ লগাইছিল।

সাংবাদিক-সম্পাদক ৰূপে দায়িত্ব পালন কৰাৰ লগতে এগৰাকী মানৱ অধিকাৰৰ কৰ্মী ৰূপে পৰাগ দাসে ১৯৯১চনৰ পৰাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰথম আহ্বায়ক আছিল পৰাগ দাস।

আলফা আৰু আন বিদ্ৰোহী সংগঠনৰ দমনৰ নামত উত্তৰ-পূবত চলিছিল সেনাৰ সন্ত্ৰাস। সাধাৰণ লোকৰ অধিকাৰ খৰ্ব হৈছিল সেই সময়ত। তেতিয়াই পৰাগ দাসে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল।

চাকৰি এৰি পৰাগ কুমাৰ দাসে ১৯৯৫চনত যোগ দিছিল 'অসমীয়া প্ৰতিদিন' কাকতত। প্ৰথম তেওঁ এই কাকতখনৰ কাৰ্যবাহী সম্পাদক আছিল। গণতান্ত্ৰিক সংগ্ৰাম তেওঁ তীব্ৰতৰ কৰিছিল। অসমত তেওঁ সেই সময়ত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।

পৰাগ দাসৰ শক্তিশালী কণ্ঠ আৰু কাৰো ওচৰত আঁঠু নকঢ়াৰ মানসিকতাৰ বাবেই সৰ্বসাধাৰণ মাজত তেওঁৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছিল। কিন্তু তাৰ বিপৰীতে শাসক গোষ্ঠীৰ বাবে পৰাগ দাস হৈ পৰিছিল এক প্ৰত্যাহ্বান।

পৰাগ দাসে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ নাছিল শাসকসমূহৰ হাতত। ১৯৯৬ চনৰ ১৭ মে', পৰাগ দাসে সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ আহিছিল। সন্তানক লৈ ঘৰলৈ উভতিব লওঁতেই ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰিলে। এই কাৰ্যত চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী। তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ তোলে। পৰাগ কুমাৰ দাসলৈ তেওঁৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলী।

সাংবাদিকতাৰ ইতিহাসৰ নক্ষত্ৰ পৰাগ কুমাৰ দাসৰ আজি জন্মদিন
১০ টকাৰ বাবেই হত্যাৰ চেষ্টা গ্ৰাহকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in