/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e68924d4-e3cc-4733-9ec5-f6aa16d3291f/5.jpg)
"কোনোবাই যদি ভাবিছে, বন্দুক বায়োনেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ’ম, তেনেহ’লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে"- পৰাগ কুমাৰ দাস..
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/48cf3110-bc79-4a17-bd5b-6780b9d6908d/c63b7ed4-0357-4319-9f06-e54007f3e5cb.jpg)
আজিৰ পৰা প্ৰায় ২৮ বছৰ পূৰ্বে চিৰদিনৰ বাবে মাটিত ঢলি পৰিছিল সাংবাদিক পৰাগ কুমাৰ দাস। ১৯৯৬ চনৰ ১৭ মে’ত ঘাতকে ব্যস্ত গুৱাহাটীৰ ৰাজগড়ত গুলিয়াই হত্যা কৰে সাংবাদিক গৰাকীক। তেখেতৰ মৃত্যুত কঁপি উঠিছিল অসমৰ সমাজ জীৱন, সংবাদক্ষেত্ৰ তথা ৰাজনীতিৰ জগত।
হত্যাকাণ্ডৰ বলি হোৱা সাংবাদিকগৰাকীয়ে আজি পৰ্যন্ত নাপালে ন্যায়। আনক ন্যায় দিব বিচৰা মানুহজনেই ন্যায়ৰ পৰা বঞ্চিত হৈ ৰ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/3cb9bbb0-2707-463e-8906-c6967ff63320/7265137c-c2d2-4075-9ce8-588f35f61501.jpg)
উল্লেখ্য যে, বুধবাৰ নামৰ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰে পৰা কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/68dd7c15-e838-4ea0-a305-9b7e7ae69f27/5d088ec7-687e-4e9e-b9a1-19c4ffd7e34f.jpg)
সেইগৰাকী শ্বহীদ সাংবাদিকৰ আজি মৃত্যু বাৰ্ষিকী। ৰাজ্যবাসীয়ে সুঁৱৰিব বলিষ্ঠ সাংবাদিক গৰাকীক। সমগ্ৰ ৰাজ্যতে সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Also Read: ৰং-তুলিকাৰে পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি দেৱব্ৰত মহন্তৰ...