চিলাপথাৰত পঞ্চায়ত নিৰ্বাচনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

চল্লিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মহিলা, ছাত্ৰ-ছাত্ৰী,নিবনুৱা,বয়স্ক আদিৰ বাবে সহায়ক হোৱাকৈ বহু জনহিতকৰ আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
we

ডিজিটেল সংবাদ,চিলাপথাৰঃ আজি সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলৰ প্ৰতিজন প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাই গ্ৰামাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাত চৰকাৰৰ হাত শক্তিশালী কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে, চল্লিশ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মহিলা, ছাত্ৰ-ছাত্ৰী,নিবনুৱা,বয়স্ক আদিৰ বাবে সহায়ক হোৱাকৈ বহু জনহিতকৰ আঁচনিৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইফালে জনাকীৰ্ণ সভাখন অনুষ্ঠিত কৰাত পৃষ্ঠপোষকতা কৰা সাংসদ প্ৰদান বৰুৱা,বিধায়ক ভূৱন পেগু,এম এই চিৰ প্ৰমুখ পৰমানন্দ চায়েঙীয়াৰ লগতে মিত্ৰদল-সংগঠনৰ সকলো নেতা কৰ্মীক আন্তৰিক অভিনন্দন জনাই । 

লগতে প্ৰতিকুল বতৰকো নেওঁচি বিশাল সভাখনত উপস্থিত থাকি কাৰ্য্যসূচী সফল কৰি তোলাৰ বাবে ৰাইজক চিলাপথাৰ পৌৰ সভাৰ তৰফৰ কৰা ধন্যবাদ জ্ঞাপন কৰে।

পঞ্চায়ত নিৰ্বাচন