শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰালৈ নেচনেল ৱ'মেন এক্সেলেঞ্চ সন্মান

শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰালৈ নেচনেল ৱ'মেন এক্সেলেঞ্চ সন্মান

author-image
Asomiya Pratidin
New Update
শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰালৈ নেচনেল ৱ'মেন এক্সেলেঞ্চ সন্মান

ডিজিটেল সংবাদ,বিহপুৰীয়া : শনিবাৰেবিহপুৰীয়াৰ শিক্ষয়িত্ৰী তথা সমাজকর্মী পল্লৱী নেওগ বৰাক নেচনেল ৱ'মেন এক্সেলেঞ্চ ২০২৪ সন্মান প্ৰদান কৰা হয়। দিল্লীস্থিত মহিলা সাংসদ সংস্থাৰ উদ্যোগত নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত অনুষ্ঠিত মহিলা সবলীকৰণৰ নেচনেল চেমিনাৰত পল্লৱী নেওগ বৰাক সাহিত্য আৰু সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

নেচনেল এচিভাৰ ৰিকগনিচন ফৰাম, ইণ্ডিয়ান গেলেক্সী ফাউণ্ডেচন আৰু জেনিথ ইণ্টাৰনেশ্যনেলৰ সহযোগত আয়োজিত অনুষ্ঠানত তেখেতৰ উপন্যাস 'সপোনৰ ঠিকনা বিচাৰি কিশলয়' খনে বিশেষভাৱে চৰ্চা লাভ কৰে।

অসমৰ বিভিন্ন ঠাইত বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে পল্লৱী নেওগ বৰাই অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰতো যথেষ্ট কষ্টৰে ন ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। পল্লৱী নেওগ বৰা বিহপুৰীয়া নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক সমাজ সংগঠক ডম্বৰুধৰ নেওগ আৰু আদৰ্শ শিক্ষয়ত্ৰী তথা লেখিকা স্বৰ্ণপ্ৰভা নেওগৰ কন্যা ।

Also Read: আছুৰ দখলত বিহপুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা : অনিয়মৰ অভিযোগ এবিভিপিৰ

woman excellence award pallabi neug bora