/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/26sd7xkd/25.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি,উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে মুঠ ১১টা পদত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে ৷ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভৰ পাছতেই বিজয়ী সকলক লৈ বিহপুৰীয়া নগৰত এক সমদল উলিয়ায়।
সভাপতি পদত আকাশদ্বিপ শইকীয়া, উপসভাপতি পদত অভিজিত মৰাং আৰুসাধাৰণ সম্পাদক পদত হৃদয়জ্যোতি ভূঞাৰ লগতে আন আন বিজয়ী প্ৰাৰ্থী সকলক বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্দ্ধনা জনায় ৷
ইপিনে নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত সহকাৰী সম্পাদক প্ৰাৰ্থী গৰাকী বিজয়ী হোৱাৰ বিপৰীতে আন আন প্ৰাৰ্থী সকল পৰাজিত হোৱাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে মহাবিদ্যালয়ৰ মুখ্য তোৰণৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
তেওঁলোকে নিৰ্বাচনত এগৰাকী অধ্যাপকে অনিয়মৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাছত বিহপুৰীয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও প্ৰতিবাদ কাৰী সকলে পুনৰ ভোট গণনাৰ দাবী উত্থাপন কৰে ৷