/asomiyapratidin/media/media_files/2025/06/25/1rr-2025-06-25-17-06-10.jpg)
ডিজিটেল ডেস্কঃ যদি পাকিস্তানে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল লাভ কৰে তেন্তে ৱাশ্বিংটনে ইছলামবাদক পাৰমাণৱিক বিৰোধী বুলি ঘোষণা কৰিব বুলি আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশিত এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
‘বিদেশ পৰিক্ৰমা’ৰ এই প্ৰতিবেদন ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত চীনৰ সহযোগত পাকিস্তানে নিজৰ পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰ উন্নীত কৰিবলৈ চেষ্টা কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ সময়তে প্ৰকাশ পাইছে। ৱাশ্বিংটনত থকা চোৰাংচোৱা সংস্থাসমূহৰ মতে, পাকিস্তানী সেনাই গোপনে আমেৰিকালৈ যাব পৰা পাৰমাণৱিক আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM) প্ৰস্তুত কৰি আছে।
পাৰমাণৱিক অস্ত্ৰ থকা যিকোনো দেশক আমেৰিকাৰ বাবে সম্ভাৱ্য ভাবুকি বা বিৰোধী বুলি গণ্য কৰা হয়। বৰ্তমান ৰাছিয়া, চীন, উত্তৰ কোৰিয়াক আমেৰিকাৰ বিৰোধী দেশ বুলি গণ্য কৰা হয়। প্ৰতিবেদনত আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতিত কোৱা হৈছে যে, যিখন দেশৰ আইচিবিএম আছে যিয়ে আমেৰিকাক লক্ষ্য কৰি ল’ব পাৰে, সেইখন দেশক বন্ধু বুলি গণ্য কৰা নহয়।
উল্লেখ্য যে, বেলিষ্টিক মিছাইল হৈছে এক প্ৰকাৰৰ ক্ষেপণাস্ত্ৰ যিয়ে লক্ষ্যত আঘাত কৰিবলৈ প্ৰজেক্টাইল গতি ব্যৱহাৰ কৰে। এই ক্ষেপণাস্ত্ৰবোৰ উৎক্ষেপণৰ পিছত ওপৰলৈ উঠি গৈ নিজৰ গতিপথ অনুসৰণ কৰে আৰু মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা আকৰ্ষিত হৈ লক্ষ্যত আঘাত কৰে।বেলিষ্টিক মিছাইলে ৫৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ লক্ষ্যত সহজতে আঘাত কৰিব পাৰে। বৰ্তমান পাকিস্তানত কোনো আইচিবিএম নাই।