শুভ বুদ্ধি উদয় পাকিস্তানৰঃ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি পালে কেৱল দৰিদ্ৰতা ! সেয়ে সাজু আলোচনাৰ বাবে...

শুভ বুদ্ধি উদয় পাকিস্তানৰঃ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি পালে কেৱল দৰিদ্ৰতা ! সেয়ে সাজু আলোচনাৰ বাবে...

author-image
Asomiya Pratidin
New Update
শুভ বুদ্ধি উদয় পাকিস্তানৰঃ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি পালে কেৱল দৰিদ্ৰতা ! সেয়ে সাজু আলোচনাৰ বাবে...

শুভ বুদ্ধি উদয় পাকিস্তানৰঃ ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰি পালে কেৱল দৰিদ্ৰতা ! সেয়ে সাজু আলোচনাৰ বাবে...

ডিজিটেল ডেস্কঃ সলনি হৈছে পাকিস্তান ! সলনি হৈছে পাকিস্তানৰ চিন্তাধাৰা ! দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ সৈতে শত্ৰুতা কৰিলে যে নিজৰেই ক্ষতি সেই কথা উপলব্ধি কৰিছে।

Advertisment

অৰ্থনৈতিক ভাৱে বিধ্বস্ত হৈ পৰা দেশখনে এতিয়া যুদ্ধৰ বিপৰীতে বিচাৰে শান্তি ! যাৰ বাবে শ্বাহবাজ শ্বৰীফে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আলোচনাৰ বাৰ্তা প্ৰেৰণ কৰিছে।

পলমকৈ হ'লেও শুভ বুদ্ধি উদয় হোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী মোডীলৈ আলোচনাৰ বাৰ্তা প্ৰেৰণ কৰি কৈছে যে, কাশ্মীৰৰ দৰে সমস্যাবোৰ আমি মেজত বহি আলোচনাৰ মাধ্যমেৰে সমাধান কৰো আহক।

আল আৰবিয়া নামৰ এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত শ্বাহবাজ শ্বৰীফে এই কথা উল্লেখ কৰিছে। উল্লেখ্য যে, অৰ্থনৈতিক বিপৰ্যয়ে চূড়ান্ত ৰূপ লোৱা পাকিস্তানক লাগে এতিয়া বিশ্ববাসীৰ সহায়।

পাকিস্তানত এতিয়া নিৱনুৱা সমস্যা, মুদ্ৰাস্ফীতিয়ে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। খাদ্য সামগ্ৰী, ইন্ধনৰ মূল্যই আকাশ স্পৰ্শ কৰিছে। এনে সময়ত পাকিস্তানী সংবাদ মাধ্যমে দেশখনৰ নেতৃত্বক সমালোচনা কৰাৰ বিপৰীতে ভাৰত চৰকাৰক প্ৰশংসা কৰি ভাৰত যে, পাকিস্তানতকৈ সকলো ক্ষেত্ৰতে শক্তিশালী সেই কথা প্ৰচাৰ কৰিছে।

শ্বাহবাজ শ্বৰিফে ভাৰতলৈ মুঠ ৩ টা আহ্বান জনাইছে। কাশ্মীৰ প্ৰসংগত আলোচনা, যুদ্ধৰ পৰিৱৰ্তে শান্তি আৰু সম্পদৰ উচিত ব্যৱহাৰ।

শ্বাহবাজ শ্বৰিফে কাশ্মীৰ প্ৰসংগত কৈছে,"কাশ্মীৰত সকলো সময়তে মানৱ অধিকাৰ উলংঘন হৈ আহিছে। ভাৰতে ৩৭০ অনুচ্ছেদৰ অধীনত কাশ্মীৰীসকলক দিয়া অধিকাৰ কৰ্তন কৰিছে।

২০১৯ চনৰ আগষ্টত স্বায়ত্তশাসন বাতিল কৰা হৈছে। ভাৰতত সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈছে। এই সকলোবোৰ যিকোনো মূল্যতে বন্ধ হোৱা উচিত। যাতে বিশ্বলৈ এক বাৰ্তা যায় যে ভাৰত আলোচনাৰ বাবে সাজু। "

আনহাতে ভাৰত-পাকিস্তান সম্পৰ্কৰ প্ৰসংগত পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, শান্তিৰে জীয়াই থকা বা যুঁজ অব্যাহত ৰখাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ কয়, ভাৰত আৰু পাকিস্তান চুবুৰীয়া আৰু তেওঁলোকে ইজনে সিজনৰ সৈতে থাকিব লাগিব।

সন্ত্ৰাসবাদক লালন, পালন কৰি ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰি অহা পাকিস্তানৰ মুখা খুলিলে দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাই। অৰ্থনৈতিক ভাৱে বিধ্বস্ত হোৱা দেশখনৰ প্ৰধানমন্ত্ৰীয়ে সেয়ে এতিয়া বিচাৰিছে শান্তি।

তেওঁ কৈছে, শান্তি, প্ৰগতি অথবা যুদ্ধৰ মাজাৰে জীয়াই থকাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি ভাৰতৰ সৈতে তিনিখন যুদ্ধ কৰিছিলো। এই যুদ্ধই কেৱল মানুহৰ মাজত দৰিদ্ৰতা, নিবনুৱা আদি সমস্যাৰ সৃষ্টি কৰিলে। আমি আমাৰ শিক্ষা লৈছো। আমি শান্তিৰে জীয়াই থাকিব বিচাৰো। আমি আমাৰ প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব বিচাৰো। "

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও শ্বাহবাজ শ্বৰিফে বিশেষ আহ্বান জনাইছে। প্ৰথমতে তেওঁ কৈছে, "আমি দৰিদ্ৰতা শেষ কৰিব বিচাৰো। আমাক সুখ আৰু প্ৰগতিৰ প্ৰয়োজন। আমি আমাৰ লোকসকলক শিক্ষা দিব বিচাৰো, তেওঁলোকক স্বাস্থ্যৰ সুবিধা আৰু নিযুক্তি দিব বিচাৰো।

আমি আমাৰ সম্পদবোৰ বোমা আৰু গোলাবাৰুদৰ ওপৰত অপচয় কৰিব নিবিচাৰো। এই বাৰ্তাটো মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিব বিচাৰো। আমি দুয়োখন দেশ পাৰমাণৱিক শক্তিৰে শক্তিশালী। ভগৱানে নকৰক আকৌ যুদ্ধ হওক। যদি এনে হয়, তেনে কোন জীয়াই থাকিব এই কথাবোৰ কবলৈ। ''

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে পাকিস্তানী সংবাদ মাধ্যমসমূহে মুকলিকৈ ভাৰতক প্ৰশংসা কৰিছে আৰু ইয়াক এক শক্তিশালী দেশ হিচাপে অভিহিত কৰিছে। পাকিস্তানী সংবাদ মাধ্যমৰ মতে যি সময়ত ইউক্ৰেইনৰ বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া মুখামুখি হৈছে, সেই সময়ত এই দুয়োখন দেশ ভাৰতৰ সৈতে থিয় হৈ আছে। এইটো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কূটনীতি।

সমান্তৰালকৈ শ্বাহবাজ শ্বৰীফেও প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে প্ৰধানমন্ত্ৰী হিচাপে, প্ৰতিটো বিদেশ ভ্ৰমণলৈ যোৱা আৰু সহায়ৰ হাত আগবঢ়োৱাটো তেওঁৰ বাবে এক লজ্জাজনক বিষয়।

ক্লিক কৰি পঢ়কঃ শান্তি দেৱী : ভাৰতৰ প্ৰথমটো প্ৰমাণিত পুনৰ্জন্মৰ কাহিনী...

shehbaz sharif KASHMIR ISSUE narendra modi pakistan