ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ...

ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ পবিত্ৰ মাৰ্ঘেৰিটাৰ...

ডিজিটেল ডেস্কঃ মোডী মন্ত্ৰীসভাত শপত বাক্য পাঠ কৰিলে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই। সৰ্বশেষত শপত গ্ৰহণ কৰিলে মাৰ্ঘেৰিটাই। মোডী মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰী হ'ব পৱিত্ৰ মাৰ্ঘেৰিটা। সৰ্বানন্দ সোণোৱালৰ পাছত অসমৰ দ্বিতীয়গৰাকী মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।

Advertisment

উল্লেখযোগ্য যে ২০১৪চনত ৰাজনীতিত ভৰি দিয়েই তেঁও বিজেপিত দলৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰে আৰু দলৰ কাৰ্যকৰ্তা হিচাপে কাম-কাজবোৰ চলাবলৈ ধৰে।

উক্ত সময়ছোৱাত তেঁও ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে অগ্ৰণী ভূমিকা পালন কৰিছিল। তাৰোপৰি তেওঁ বিজেপিৰ ছ'চিয়েল মিডিয়া কোষ, অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ (উত্তৰ) জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এইখিনিতে উল্লেখ কৰিব লাগিব যে পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ ছ’ছিয়েল মিডিয়া কোষৰ দায়িত্বত থকাৰ সময়ছোৱাত দলটোৰ সামাজিক মাধ্যমে এক অনন্য গতি লাভ কৰিছিল।

এনেদৰে পাছলৈ ২০২২চনৰ মাৰ্চত তেওঁ ৰাজ্যসভাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমক ৪ এপ্ৰিল, ২০২২ ৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়। আৰু আজি তেঁও সাংসদৰ পৰা কেন্দ্ৰীয় কেবিনেটৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আসন অলংকৃত কৰে।

Also Read: অসমৰ এখন গাঁৱৰে দুজন সাংসদঃ এজন মন্ত্ৰী, আনজন বিৰোধী...

pabitra margherita oth taking