বানৰ কবলত ধেমাজিঃ চিলাপথাৰ-জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল পানী

বানৰ কবলত ধেমাজিঃ চিলাপথাৰ-জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল পানী

author-image
Asomiya Pratidin
New Update
বানৰ কবলত ধেমাজিঃ চিলাপথাৰ-জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল পানী

ডিজিটেল সংবাদ,ধেমাজিঃ চিলাপথাৰ-জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী। অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা ঘগৰা আৰু চিলি নদীৰ বাঢ়নী পানীয়ে পথচাৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

৫১৫ নং চিলাপথাৰ-জোনাই ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসুতি অংশত পথৰ ওপৰেৰে বাগৰিছে পানী। বিপদ সংকুলভাৱে যানবাহন চলাচল কৰিছে জনসাধাৰণে। পানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ পকীপথৰ দাঁতি খহি অনিষ্ট সাধন হৈছে। চিলাসুতি আৰু মুক্তিয়াৰ নামৰ দুখন গাঁও পঞ্চায়তৰ প্ৰায় ২০ খন গাঁও বৰ্তমান নদীৰ বাঢ়নী পানীৰ কবলত।

Also Read: ৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্চৰ

silapathar