৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্চৰ

৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্চৰ

author-image
Asomiya Pratidin
New Update
৩ বছৰত ৬ হাজাৰ বাহন বিক্ৰীৰে অভিলেখ টাটা মটৰ্ছ বিমল কাৰ্চৰ

ডিজিটেল ,সংবাদ,গুৱাহাটী: বিগত ৩ বছৰত সৰ্বাধিক ৬ হাজাৰ বাহন বিক্ৰীৰে উল্লেখযোগ্য কৃতিত্ব গঢ়িছে টাটা মটৰ্ছ বিমল কাৰ্চে।যাৰ বাবে ইয়াক উদযাপন কৰি এই মাহত টাটা মটৰ্ছ বিমল কাৰ্চে সৰ্বাধিক অফাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই অফাৰ ১৫ জুলাইৰ পৰা ২৪ জুলাই পৰ্যন্ত টাটা মটৰ্ছ বিমল কাৰ্চৰ প্ৰত্যেকটো শ্ব’ ৰোমত উপলব্ধ হ'ব।

Advertisment

ইতিমধ্যে বিমল কাৰ্চৰ কৰ্তৃপক্ষই জনোৱা মতে এই বিশেষ অফাৰ অনুসৰি টাটা ছাফাৰীত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.৪০ লাখ টকালৈ, নেক্সন ইভিত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.৩০ লাখ টকালৈ, পাঞ্চত বিনামূলীয়া ইন্সুৰেঞ্চ, নেক্সনত ১ লাখ পৰ্যন্ত আৰু হেৰিয়াৰত বিনামূলীয়া ইন্সুৰেঞ্চসহ ১.২০ লাখ পৰ্যন্ত গ্ৰাহকক ৰেহাই দিয়া হ'ব।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিমল চাৰাউগী, এমডি বিমল কাৰ্চ, আৰিহন্ত চাৰাউগী, চিইঅ'-বিমল কাৰ্চ, ঋষি খেমকা, টেৰিটৰিয়েল মেনেজাৰ- টাটা মটৰ্ছ, দীপাংকৰ দাস, জিএম বিমল কাৰ্চ।

Also Read: ধেমাজি মহাবিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ

tata motors bimal cars