এখন গাঁৱৰ প্ৰায় ২০ টা পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম...

প্ৰায় ১০০ গৰাকী লোকে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। এই অভিযোগ উত্থাপন কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাই।
এখন গাঁৱৰ প্ৰায় ২০ টা পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম...

ডিজিটেল ডেস্ক: প্ৰায় ১০০ গৰাকী লোকে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। এই অভিযোগ উত্থাপন কৰিছে উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাই। নেতা গৰাকী উত্থাপন কৰা অভিযোগ অনুসৰি উত্তৰ প্ৰদেশৰ খুৰ্জাৰ প্ৰায় ২০ টা পৰিয়ালৰ ১০০ গৰাকীকৈ লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।

জানিব পৰা মতে, বিশ্ব হিন্দু পৰিষদে (ভিএইচপি) আয়োজন কৰা "ঘৰ ৱাপচী" কাৰ্যসূচীৰ সময়ত এই ধৰ্মান্তৰকৰণ কৰা হৈছিল।

খুৰ্জাৰ বিধায়ক মিনাক্ষী সিঙে কয়, "বিভিন্ন ধৰ্মৰ ২০ টা পৰিয়ালৰ ১০০-১২৫ জন লোকে আনন্দেৰে 'সনাতন ধৰ্ম' (হিন্দু ধৰ্ম) গ্ৰহণ কৰিছে।"

কাৰ্যসূচীটোত এটা আইনী প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছিল। সকলো পৰিয়ালে অনুষ্ঠান সম্পন্ন কৰাৰ আগতে শপতনামাত তেওঁলোকৰ সন্মতি প্ৰদান কৰিছে।

আৰু পঢ়ক: অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতাত নগাঁৱৰ শান্তা শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in