অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতাত নগাঁৱৰ শান্তা শৰ্মা

অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতা শ্ব’ত সৰ্বভাৰতীয় পৰ্যায়ত তেজপুৰৰ জীয়ৰী নগাঁৱৰ বোৱাৰী শান্তা শৰ্মা নিৰ্বাচিত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে।
অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতাত নগাঁৱৰ শান্তা শৰ্মা

ডিজিটেল সংবাদ , বেবেজীয়া: চ'নী টিভি ২ জানুৱাৰীৰ পৰা সম্প্ৰচাৰ হ'বলগীয়া বহু চৰ্চিত অল ইণ্ডিয়া মাষ্টাৰ চেফ প্ৰতিযোগিতা শ্ব’ত সৰ্বভাৰতীয় পৰ্যায়ত তেজপুৰৰ জীয়ৰী নগাঁৱৰ বোৱাৰী শান্তা শৰ্মা নিৰ্বাচিত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। অল ইণ্ডিয়া মাষ্টাৰ চেফ হৈছে খাদ্যৰ ৰিয়েলিটি শ্ব’ য’ত বিশ্বৰ বিভিন্ন দেশৰ ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে সৰ্ব ভাৰতীয় পৰ্যায়ৰ পৰা শ্ৰেষ্ঠ খাদ্য প্ৰস্তুতকৰণ প্ৰতিভাক বিচাৰি উলিওৱা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছে বিকাশ খান্না, গৰিমা অৰ'ৰা আৰু ৰনবীৰ ব্ৰাৰ। উল্লেখযোগ্য যে শান্তা শৰ্মা ৰেঙণি চেনেলৰ দ্বাৰা ২০১৯/২০২১বৰ্ষত আয়োজিত ৰাজ্যিক গৃহিণী চুপাৰ ষ্টাৰ প্ৰতিযোগিতাৰ বিজয়ী আছিল।

আৰু পঢ়ক: বনভোজ খাবলৈ গৈ নদীত পৰি ছাত্ৰৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in