/asomiyapratidin/media/media_files/2025/07/21/1-2025-07-21-16-23-00.jpg)
ডিজিটেল সংবাদ,ৰৌতাঃ ৰৌতাত ইউপিপিএল দলত ব্যাপক খহনীয়া। বিটিচিৰ ইএম নিলুত স্বৰ্গীয়াৰীৰ ভেটিত কপনি তুলি পদত্যাগৰ জোৱাৰ উঠিছে ৰৌতা পৰিষদীয় সমষ্টিত। দলৰ একাংশ নেতৃত্বতৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ প্ৰায় ৪০ গৰাকী শীৰ্ষ পৰ্যায়ৰ ইউ পি পি এল নেতাই আজি সমূহীয়া পদত্যাগ কৰে।
ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য গজেন হাইনাৰী, কছাৰীচন ভিচিডিচিৰ বৰ্তমানৰ চিয়াৰমেন তুনেশ্বৰ বড়ো, ৰৌতা ব্লক ইউপিপিএলৰ উপ-সভাপতি ঘনশ্যাম মহন্ত, ৰৌতা ব্লক যুৱ সমিতিৰ উপ-সভাপতি শ্বহীদুল ইছলামকে আদি কৰি ৪০ জন শীৰ্ষ নেতাই আজি দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে। পদত্যাগী নেতাসকলৰ নেতৃত্বত ৪০০ৰো অধিক ইউপিপিএল নেতা কৰ্মী অতি শীঘ্ৰেই বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে।