বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক...

বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক

author-image
Asomiya Pratidin
New Update
বহিঃৰাজ্যত সন্ধানহীন বাক্সাৰ যুৱক...

ডিজিটেল সংবাদ, বাক্সা: বাক্সা জিলা শিমলাঝাৰ গাঁৱৰ ৪৩ বছৰীয়া এগৰাকী যুৱক সন্ধানহীন হৈছে। সন্ধানহীনৰ ঘটনাই শিমলাঝাৰ গাঁৱত চাঞ্চল্যকৰ বিৰাজ কৰিছে। বৰপেটাৰোড হাউলি মাজমজিয়া বি এইচ মহাবিদ্যালয়ৰ সমীপৰ শিমলাঝাৰ গাৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ আব্দুল ৰহিম (৪৩ ) কৰ্মসূত্ৰে কলকতা শিলিগুৰিত চালক হিচাপে কাম কৰিবলৈ গৈছিল ।

Advertisment

আব্দুল ৰহিমে শিলুগুৰীৰ পৰা ৰে'ল যোগে ঘৰ অভিমুখে ৰাওনা কৰিছিল। আব্দুল ৰহিমে উভতি অহাৰ সময়ত ঘৰৰ পৰিয়ালৰ লগত ফোন যোগে যোগাযোগ কৰিছিল । আব্দুল ৰহিমে পৰিয়ালৰ লগত শুকুৰবাৰে সন্ধিয়া ৭:০০ বজাত শেষৰ বাৰৰ বাবে যোগাযোগ কৰিছিল।

ফোনযোগে আব্দুল ৰহিমে বঙাইগাও ৰে'ল ষ্টেচন পাইছে বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল । সন্ধিয়া ৭:০০ বজাৰ পিছৰ পৰা আব্দুল ৰহিমৰ মোবাইল ফোন অফ হৈ আছে। ১২ ঘণ্টা উকলি যোৱাৰ পিছতো ঘৰ নাপালে আব্দুল ৰহিমে ।

পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে । কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। কোনো সদাসয় ব্যক্তিয়ে আব্দুল ৰহিমক সন্ধান পালে 6001243068 / 7002265696 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Also Read: শিলপুখুৰী ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা...

baksa