/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/81c833e8-9b01-4196-89b4-50fe8698e427/9.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: শনিবাৰে শিলপুখুৰী ৰাজহুৱা নামঘৰত শিলপুখুৰী ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ এখন দ্বি বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। আজি উক্ত সভাত ২০২২-২০২৪ কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন, বিত্তীয় হিচাপ নিকাচ আৰু নামঘৰৰ চমু খতিয়ান দাঙি ধৰে সাধাৰণ সম্পাদক কুশল কুমাৰ শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/a7f5f52e-1c4a-4265-8cc1-2b9523e16a24/545154b7-fdda-4a26-9c9b-ddd5e04f5f1c.jpg)
সভাপতি গনেশ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰণি কমিটীয়ে পদত্যাগ কৰে আৰু নতুন কমিটী গঠন কৰা হয়। উল্লেখযোগ্য যে পুৰণি কমিটীৰ প্ৰতি আস্থা ৰাখি শতাধিক সদস্যই পূৰ্বৰ কমিটীৰ ওপৰত আস্থা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/256e03c7-4900-4bff-a6af-2f760ae1aa18/c1f2d19d-e1e8-476c-aa49-f6955647454e.jpg)
নতুন কমিটীয়ে কাৰ্যভাৰ গ্ৰহণৰ পাছত আগন্তুক ১০ আগষ্টৰ সন্ধিয়া ৬ বজাত শিলপুখুৰী ৰাজহুৱা নামঘৰত, "শিলপুখুৰী ৰাজহুৱা নামঘৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন সমিতি "গঠন উপলক্ষে এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।