ডিজিটেল সংবাদ, মাজবাটঃ মাজবাটত সংঘটিত হৈছে ভয়ংকৰ টেক্টৰ দুৰ্ঘটনাত। শনিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মাজবাটৰ ১ নং মাজগাঁৱৰ পথাৰত টেক্টৰেৰে হাল বাই থকা অৱস্থাত যান্ত্রিক বিজুতি ঘটি এজন যুৱক আহত হয়। আহত যুৱকজনক লগে লগে স্থানীয় লোকে ততালিকে মাজবাটৰ মহলীয়া পাৰা আদৰ্শ চিকিৎসালয়ত আনে যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
মৃত্যু যুৱকজন ১ নং মাজগাওঁৰ বনু গোঁড়ৰ পুত্র কুন্দন গোঁড় (২৮) বুলি জনা যায়। উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে লগে মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুন্দন গোঁড়ৰ মৃতদেহ মণোৰত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Also Read: বৰপেটা আৰু বজালীত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ...