বৰপেটা আৰু বজালীত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ...

বৰপেটা আৰু বজালীত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ...

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ ২৫ মে'ৰ অসহনীয় গৰমৰ বাবে বজালী আৰু বৰপেটা জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময় সাময়িকভাৱে নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে।

জিলা উপায়ুক্ত, বৰপেটা আৰু বজালী জিলাৰ নিৰ্দেশ অনুসৰি জনস্বাস্থ্যৰ স্বাৰ্থত দুয়োখন জিলাৰ অন্তৰ্গত চৰকাৰী, প্ৰদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহত এই নিৰ্দেশনা জাৰি কৰা হৈছে। গৰমৰ প্ৰকোপ বৃদ্ধি হোৱা বাবে বিদ্যালয়সমূহৰ শিক্ষাদানৰ পুনৰ নিৰ্ধাৰণ কৰা সময়সূচী ২৭ মে’ৰ পৰা কাৰ্যকৰী হ’ব।

পুনৰ নিৰ্ধাৰিত সময় অনুসৰি প্ৰাথমিক শাখাৰ বাবে পুৱা ৭ বজাৰ পৰা পুৱা ১১ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে পুৱা ৭ বজাৰ পৰা পুৱা ১১.৩০ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে। আৰু উচ্চ/উচ্চতৰ মাধ্যমিকৰ সময়সীমা- পুৱা ৭ বজাৰ পৰা দিনৰ ১২বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

বৰপেটা আৰু বজালীত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ...
কাছাৰ জিলা প্ৰশাসনৰ পাঠদানৰ নতুন সময়সূচী : পুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in