আজি চেন্নাইত অভিনেতা বিজয় থালাপতিয়ে মুকলি কৰিব নিজ ৰাজনৈতিক দলৰ পতাকা আৰু চিহ্ন...

আজি চেন্নাইত অভিনেতা বিজয় থালাপতিয়ে মুকলি কৰিব নিজ ৰাজনৈতিক দলৰ পতাকা আৰু চিহ্ন...

author-image
Dimpul Borgohain
New Update
আজি চেন্নাইত অভিনেতা বিজয় থালাপতিয়ে মুকলি কৰিব নিজ ৰাজনৈতিক দলৰ পতাকা আৰু চিহ্ন...

ডিজিটেল ডেস্কঃ দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা কিছুমানৰ আগেয়ে ৰাজহুৱা কৰিছিল। নিজে এটা ৰাজনৈতিক দলৰ জন্ম দিছিল অভিনেতাগৰাকীয়ে। ৰাজনৈতিক দলটোৰ নাম ৰাখিছিল তামিলাগা ভেত্ৰী কঝগম’ । অৱশ্যে দলটোৰ নাম ঘোষণা কৰোতেই বিজয়ে স্পষ্ট কৰি দিছিল যে, ২০২৪ৰ নিৰ্বাচনত তেওঁলোকে অংশ নলয়।

Advertisment

বিজয় থালাপতিৰ এই নতুন দলটোৰ পতাকা আৰু চিহ্ন বৃহস্পতিবাৰে মুকলি কৰা হব।তামিলনাডুত ইয়াৰ বাবে এখন বিশাল কাৰ্যকতাৰ সভা আহ্বান কৰা হৈছে। ইয়াত উপস্থিত থাকিব বিজয় থালাপতি। কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হব এই কাৰ্যকতাৰ সভাখন।

উল্লেখ্য যে, দক্ষিণত বিজয়ৰ এক সুকীয়া পৰিচয় আছে । ৰজনীকান্তৰ পিচত বিজয় সেইজন অভিনেতা যাক মানুহে বহুত বেছি ভাল পায় ৷ বিজয়ে নিজৰ যিকোনো এখন ছবি ঘোষণা কৰাৰ লগে লগে অনুৰাগীৰ মাজত ইয়াৰ উন্মাদনা বাঢ়ি যায় । অনুৰাগীসকলে আগ্ৰহেৰে তেওঁৰ ছবিৰ বাবে অপেক্ষা কৰে । দীৰ্ঘদিন ধৰি বিজয়ে ছবিৰ জৰিয়তে মানুহক মনোৰঞ্জন দি আহিছে আৰু এতিয়া ৰাজনীতিত প্ৰৱেশ কৰি ৰাইজৰ বাবে কাম কৰাৰ মন মেলিছে ।

Also Read: পূজাৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ!

বিজয় থালাপতি