পূজাৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ!

পূজাৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ!

author-image
Dimpul Borgohain
New Update
পূজাৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ!

ডিজিটেল ডেস্কঃ দূৰ্গা পুজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব পাৰে এটা ডাঙৰ উপহাৰ। কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিক চলিত বৰ্ষৰ ছেপ্তেম্বৰত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে চৰকাৰে।

Advertisment

উল্লেখ্য যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৫০ শতাংশ হাৰত ডিএ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ৫৩ শতাংশ হাৰত ডিআৰ লাভ কৰে। ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৩ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে কোৰোনাকালীন সময়চোৱাত ১৮মাহে পোৱা নাছিল ডি এ এৰিয়াৰ ধন! এই ধনক লৈ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে সেই সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে ভাল নাছিল। সেইবাবেই বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই ১৮ মাহৰ ডিএ, ডিআৰ এৰিয়াৰক লৈ কোনো চিন্তা কৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে, ১ জানুৱাৰী ২০২০ৰ পৰা ১ জানুৱাৰী ২০২১, এই সময়ত কোৰোণাৰ বাবে তিনিবাৰ ডিএ বৃদ্ধি পোৱা নাছিল। 

দুৰ্গা পূজা