নুমলীগড়ৰ ৰাজপথত এজাক শিশুৰ নান্দনিক শোভাযাত্ৰা

বিভিন্ন কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বহুকেইটা প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
নুমলীগড়ৰ ৰাজপথত এজাক শিশুৰ নান্দনিক শোভাযাত্ৰা

নুমলীগড়ৰ ৰাজপথত এজাক শিশুৰ নান্দনিক শোভাযাত্ৰা

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ এক নং পংকাগ্ৰান্ট জোতিষ্ময় মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা । কণমানিসকলৰ মাজত এক আনন্দপূৰ্ণ পৰিৱেশে বিৰাজ কৰে এই শোভাযাত্ৰাই ।

Advertisment

কোনোৱে নাচিছে ,কোনোৱে গাইছে । কোনোটি শিশু আকৌ ভাৱৰীয়াৰ বেশত । কোনোৱে ভাও লৈছে লৱ-কুশৰ। তাৰ মাজতে বিয়াৰ পানী তোলাৰ দৃশ্যই ৰাইজক দৃষ্টি আকৰ্ষণ কৰে। মুঠৰ ওপৰত শিশুসকলৰ প্ৰয়াস কিবা এটা কৰাৰ ।

উল্লেখ্য যে জোতিস্ময় মইনা পাৰিজাতৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় দ্বি-বাৰ্ষিক শিশু সমাৰোহ । বিভিন্ন কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বহুকেইটা প্ৰতিযোগিতা ।

ইয়াৰ সমান্তৰালকৈ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি দৌৰ, সংগীত চকী,সংগীত বল,স্মৃতি পৰীক্ষা, কবিতা, কুইজ আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা মইনাসকলৰ মাজত অনুষ্ঠিত হয় ।

আৰু পঢ়কঃ লোকে-লোকাৰণ্য চৰাইদেউ মৈদাম; চৰাইদেউ মহোৎসৱত ৰাইজৰ বিপুল সঁহাৰি

assam numaligarh