লোকে-লোকাৰণ্য চৰাইদেউ মৈদাম; চৰাইদেউ মহোৎসৱত ৰাইজৰ বিপুল সঁহাৰি

নতুন বছৰৰ আজি দ্বিতীয়টো দেওবাৰ। দেওবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন বনভোজস্থলী সমূহত বনভোজকাৰীৰ সমান্তৰালকৈ চৰাইদেউত দেখা গ'ল লোকে লোকাৰণ্য পৰিৱেশ।
লোকে-লোকাৰণ্য চৰাইদেউ মৈদাম;
লোকে-লোকাৰণ্য চৰাইদেউ মৈদাম;

ডিজিটেল ডেস্ক: নতুন বছৰৰ আজি দ্বিতীয়টো দেওবাৰ। দেওবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন বনভোজস্থলী সমূহত বনভোজকাৰীৰ সমান্তৰালকৈ চৰাইদেউত দেখা গ'ল লোকে লোকাৰণ্য পৰিৱেশ। পুৱাৰ ভাগৰ পৰাই চৰাইদেউ মৈদামস্থলীলৈ বনভোজ প্ৰেমীৰ লানি নিছিগা সোঁত।

নৱবৰ্ষৰ দ্বিতীয়টো দেওবাৰৰ দিনটোত প্ৰায় ৫০ সহস্ৰাধিক লোকৰ সমাগম হয় চৰাইদেউৰ বনভোজস্থলীত। পৰিতাপৰ বিষয় যে বনভোজপ্ৰেমীৰ ভিৰৰ বাবে বনভোজ খাবলৈ ঠাইৰ অভাৱ হৈছে বনভোজস্থলীত । যাৰ পৰিপ্ৰেক্ষিতত বনভোজস্থলীৰ সলনি সমীপৱৰ্তী খেতি পথাৰ আৰু স্থানীয় লোকৰ চোতাল-বাৰীত ৰান্ধিবলগীয়া হৈছে ভোজ-ভাত।

ইফালে চৰাইদেউ মৈদামৰ প্ৰাংগণত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱত সোঁত বৈছে অজস্ৰ জনৰ। চৰাইদেউ মহোৎসৱত বিভিন্ন বিপনী, জনগোষ্ঠীয় খাদ্য মেলালৈ ৰাইজৰ বিপুল সঁহাৰিয়ে আনন্দিত কৰিছে মহোৎসৱ কতৃপক্ষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in