ঘোষনা হ’ল NEET, JEE Mains, CUET 2023 পৰীক্ষাৰ দিন

২৬ এপ্ৰিলৰ পৰা ১৯ মে'লৈ অনুষ্ঠিত হ'ব আই.চি.এ.আৰ. এ.আই.ই.ই.এ. পৰীক্ষা
ঘোষনা হ’ল NEET, JEE Mains, CUET 2023 পৰীক্ষাৰ দিন

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, এন.টি.এ.য়ে মুখ্য প্ৰৱেশ পৰীক্ষাৰ বাবে বাৰ্ষিক পৰীক্ষা কেলেণ্ডাৰ আজি মুকলি কৰিলে।এই পৰীক্ষাসমূহ ২০২৩ চনত অনুষ্ঠিত হ'ব। জে.ই.ই মেইন ২০২৩ জানুৱাৰী আৰু এপ্ৰিলত দুবাৰকৈ অনুষ্ঠিত হ'ব। এন.ই.ই.টি ইউ.জি ২০২৩ৰ মে'ত অনুষ্ঠিত হ'ব।আনহাতে, বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা চি.ইউ.ই.টি মে মাহৰ পৰা জুনলৈ অনুষ্ঠিত হ’ব।

প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ হৈছে যদিও প্ৰস্তুতিৰ পৰিকল্পনা কৰিবলৈ প্ৰাৰ্থীসকলৰ হাতত যথেষ্ট সময় বাকী থাকে। এন.ই.ই.টি, জে.ই.ই মেইন আৰু চি.ইউ.ই.টিৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে এন.টি.এ পৰীক্ষা কেলেণ্ডাৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ তলত উল্লেখ কৰা হৈছে-

১) স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে এন.ই.ই.টি ২০২২ মে'ৰ প্ৰথম দেওবাৰ অৰ্থাৎ ৭ মে'ত অনুষ্ঠিত হ'ব।এই পৰীক্ষা কেৱল এবাৰহে অনুষ্ঠিত হ’ব।পৰীক্ষাৰ্থীসকলে এই পৰীক্ষাত কেৱল কাগজ আৰু কলমহে ব্যৱহাৰ কৰিব পাৰিব।

২) আন বছৰতকৈ এই বেলি এন.ই.ই.টি.ৰ পৰীক্ষা আগতিয়াকৈ অনুষ্ঠিত হ’ব।চলিত বছৰত এই পৰীক্ষা ১৭ জুলাইত অনুষ্ঠিত হৈছিল।

৩) ‘কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট’ (চি.ইউ.ই.টি) ইউ.জি ২১ আৰু ৩১ মে'ত অনুষ্ঠিত হ’ব। এন.টি.এ.য়েও এই পৰীক্ষাটোৰ বাবে ১ ৰ পৰা ৭ জুন সংৰক্ষিত ৰাখিছে।

৪) যোৱা বছৰত চি.ইউ.ই.টি বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে এটা উমৈহতীয়া পৰীক্ষা হিচাপে প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত স্নাতক নামভৰ্তিৰ বাবে এই পৰীক্ষা বাধ্যতামূলক।

৫) জে.ই.ই মেইন ২০২৩ চনত দুবাৰকৈ অনুষ্ঠিত হ'ব। এই পৰীক্ষা ২৪, ২৫, ২৭, ২৮, ২৯, ৩০ আৰু ৩১ জানুৱাৰীত প্ৰথম পৰ্যায় (সংৰক্ষিত তাৰিখ: ফেব্ৰুৱাৰী ১,২,৩) আৰু দ্বিতীয় পৰ্যায়ৰ বাবে ২,৬,৮,১০,১১ আৰু ১২ এপ্ৰিল(সংৰক্ষিত তাৰিখ: এপ্ৰিল ১৩, ১৫) নিৰ্ধাৰণ কৰা হৈছে।

৬)জে.ই.ই মেইন ২০২৩ৰ প্ৰথম পৰ্যায়ৰ বাবে পঞ্জীয়ন ইতিমধ্যে আৰম্ভ হৈছে।ইয়াৰ বাবে প্ৰাৰ্থীসকলে jeemain.nta.nic.inত আবেদন কৰিব পাৰে।

৭) এন.ই.ই.টি ইউ.জি আৰু চি.ইউ.ই.টিৰ বাবে পঞ্জীয়ন কেতিয়া আৰম্ভ হ'ব সেয়া অৱশ্যে এতিয়াও ঘোষণা হোৱা নাই। এই পৰীক্ষাবোৰৰ আগতে বিতং অধিসূচনা আৰু তথ্য বুলেটিন প্ৰকাশ কৰা হ'ব।

৮) যদি জে.ই.ই মেইন অনুসূচী অনুসৰি অনুষ্ঠিত কৰা হয় আৰু চি.বি.এছ.ই বৰ্ডৰ পৰীক্ষা আগতে ঘোষণা কৰা অনুসৰি ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হয়, তেন্তে তাৰিখক লৈ পৰীক্ষাৰ্থীসকল বিমোৰত পৰিব লগীয়া নহয়। শিক্ষাৰ্থীসকলে ব’ৰ্ড আৰু প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ পৰ্যাপ্ত সময় লাভ কৰিব।

৯) চি.বি.এছ.ই ব’ৰ্ড পৰীক্ষাৰ তাৰিখ শীঘ্ৰেই প্ৰকাশ পাব। এই বিষয়ে শিক্ষাৰ্থীসকলে cbse.nic.in অথবা cbse.gov.in ৱেবছাইটত সবিশেষ তথ্য লাভ কৰিব।

১০) এন.টি.এ.য়ে আন এটা গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষাৰ সময়সূচীও ঘোষণা কৰিছে। সেই অনুসৰি আই.চি.এ.আৰ. এ.আই.ই.ই.এ. পৰীক্ষা ২৬ এপ্ৰিলৰ পৰা ১৯ মে'লৈ অনুষ্ঠিত হ'ব।

ঘোষনা হ’ল NEET, JEE Mains, CUET 2023 পৰীক্ষাৰ দিন
দেশৰ ১০ খন প্ৰদূষিত চহৰৰ ভিতৰত ৯ খন এখন ৰাজ্যৰেই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in