ৰঙিয়াত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত বিশেষ কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত বিশেষ কাৰ্যসূচী...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত বৃহস্পতিবাৰৰ পৰা ৰঙিয়াৰ তৰণীত বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। স্থানীয় তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ গোটৰ উদ্যোগত তথা তৰণী হৰিমন্দিৰ প্ৰাংগণত তদুপলক্ষে ৰূপায়ণ কৰা হয় বিস্তৃত কাৰ্যসূচী।

Advertisment

গোটৰ প্ৰকল্প বিষয়া জগদীশ ঠাকুৰীয়া আৰু সহকাৰী প্ৰকল্প বিষয়া নিপন শৰ্মাৰ তত্বাৱধানত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ দ্বাৰা সপ্তাহযোৰাকৈ ৰূপায়িত হ'বলগা কাৰ্যসূচীৰ পুৱাৰ ভাগত যোগ কাৰ্যসূচী, স্বচ্ছ অভিযানেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় মুকলি সভা।

তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা গীতা ডেকাই উদ্বোধন কৰা সভাখনত আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী ভূঞা, বৈদ্যগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি শুক্লেশ্বৰ কলিতাৰ লগতে তৰণী আৰিমত্ত ভবনৰ সভাপতি ননীধৰ কলিতাই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসঙ্গত অংশগ্ৰহণকাৰী ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি এন এছ এছ গঠনৰ গুৰুত্ব তথা ৰূপায়ন কৰি অহা কাৰ্যপন্থা সন্দৰ্ভত আলোকপাত কৰে বক্তাসকলে।

সভাৰ সামৰণিত গোটটোৱে সপ্তাহযোৰাকৈ সমাজসেৱা, স্বচ্ছ অভিযান, গছপুলি ৰোপণ,পৰিৱেশ সংৰক্ষণ আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰি অংশগ্ৰহণ কাৰী ছাত্র-ছাত্ৰীসকলৰ মনত সেৱাৰ মনোভাৱ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰকল্প বিষয়া জগদীশ ঠাকুৰীয়াই সদৰি কৰে।

Also Read: ব্ৰহ্মপুত্ৰত আৱদ্ধ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সহ ৫০জনীয়া এটি দল...

NSS assam rangiya