অৰুণাচল টিৰাপ জিলাত এন এছ চি এন (কে)ৰ কেডাৰৰ আত্মসমৰ্পণ

নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ এগৰাকী সক্ৰিয় কেডাৰে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে।

author-image
Asomiya Pratidin
New Update
অৰুণাচল টিৰাপ জিলাত  এন এছ চি এন (কে)ৰ কেডাৰৰ আত্মসমৰ্পণ

ডিজিটেল সংবাদ,বেকাজানঃ নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ এগৰাকী সক্ৰিয় কেডাৰে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ চোপ গাঁৱত এজন কেডাৰৰ উপস্থিতিৰ বিষয়ে অসম ৰাইফলছৰ খোংছা বেটেলিয়নে গোপন খবৰ লাভ কৰে।

Advertisment

এই খবৰৰ ভিত্তিত লংডিং আৰক্ষীৰ সৈতে অসম ৰাইফলছৰ সৈন্যই সীমান্ত গাঁওখনত অভিযান আৰম্ভ কৰে। লগে লগে উগ্ৰপন্থীজনে পলায়ন কৰিবলৈ চেষ্টা কৰোতে সেনা-আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এন এছ চি এন-কেৰ আটকাধীন কেডাৰজন লংডিং জিলাৰ চপ গাঁৱৰ হংগাং গাংছা বুলি চিনাক্ত কৰা হৈছে।

Also Read: বাঘজান বি জে আই তৈলকূপত গেছ নিৰ্গমন: অইল ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ