বাঘজান বি জে আই তৈলকূপত গেছ নিৰ্গমন: অইল ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ

তিনিচুকীয়াৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জে আই তৈলকূপত বুধবাৰে ভয়ংকৰ ৰূপত তথা তীব্ৰ বেগেৰে গেছ নিৰ্গমন হোৱাক কেন্দ্ৰ কৰি আজিও বাঘজানবাসীৰ মাজত আতংকই বিৰাজ কৰি আছে ।
বাঘজান বি জে আই তৈলকূপত গেছ নিৰ্গমন:  অইল ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ

ডিজিটেল সংবাদ,তিনিচুকীয়া:- তিনিচুকীয়াৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জে আই তৈলকূপত বুধবাৰে ভয়ংকৰ ৰূপত তথা তীব্ৰ বেগেৰে গেছ নিৰ্গমন হোৱাক কেন্দ্ৰ কৰি আজিও বাঘজানবাসীৰ মাজত আতংকই বিৰাজ কৰি আছে । বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকাত নিদ্ৰা হৰণ হৈছে বাঘজানবাসীৰ ।

এনে প্ৰেক্ষাপটত আজি বাঘজানবাসীয়ে অইল ইণ্ডিয়াৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়া বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কালি আকস্মিকভাৱে বাঘজান বি জে আইৰ পৰা দ্ৰুতগতিত গেছ নিৰ্গমন হৈ অঞ্চলজুৰি এক ধোৱাময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল । ইয়াকে লৈ অঞ্চলজুৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছিল ।

স্থানীয় লোকে অভিযোগ কৰা অনুসৰি বৰ্তমানেও অঞ্চলটোত গেছৰ দুৰ্গন্ধ মাৰযোৱা নাই।কালি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বে কূপটোত নিয়োজিত অইলৰ কৰ্মচাৰীয়ে গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় । বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা পৰে বাঘজানবাসী ।

ৰাইজৰ অভিযোগ অনুসৰি উক্ত তৈলকূপৰ লগতে বাঘজান অঞ্চলত থকা আন তৈলকূপসমূহত এনেধৰণৰ ঘটনা বিগত সময়ত কেইবাবাৰো সংঘটিত হৈছে। তৎসত্বেও অইল ইণ্ডিয়াই শিক্ষা লোৱা নাই বুলি ৰাইজে অইলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।

অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক, চিন্ধু ট্ৰেড লিংকচ লিমিটেড (ড্ৰিলিং) আৰু তেল, গেছ, কণ্ডেনছেট নিৰ্গত সময়ত দায়িত্বত থকা বিষয়াসকলৰ বিৰুদ্ধে আজি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ, অসম মৰাণ সভাৰ বাঘজান শাখা আৰু স্থানীয় ৰাইজে বাঘজান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি বাঘজানবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ।

বাঘজান বি জে আই তৈলকূপত গেছ নিৰ্গমন:  অইল ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ
'সমূহ মহিলা আৰক্ষী থানা'ৰ সন্মান লাভঃ মানপত্ৰ প্ৰদান আৰক্ষী সঞ্চালক প্ৰধানৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in