মৰিগাঁও ২৯ জন শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত দীপক বৰদলৈক নিলম্বন

মৰিগাঁও ২৯ জন শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত দীপক বৰদলৈক নিলম্বন

author-image
Asomiya Pratidin
New Update
মৰিগাঁও ২৯ জন শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত দীপক বৰদলৈক নিলম্বন

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও জিলাৰ অবৈধ শিক্ষক নিযুক্তিৰ বিৰুদ্ধে তদন্ত অব্যাহত থকা সময়তে এজনক নিলম্বন কৰে প্ৰাথমিক শিক্ষা সঞ্চালকে। প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁৱৰ ২৯ জন শিক্ষক নিযুক্তি কেলেংকাৰীত জড়িত জিলা শিক্ষা বিষয়া কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক দীপক বৰদলৈক নিলম্বন কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে।

Advertisment

মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিচতেই নিলম্বন কৰিছে বিষয়া দীপক বৰদলৈক। নিলম্বিত জ্যেষ্ঠ সহায়ক দীপক বৰদলৈৰ পত্নী প্ৰতিভা দাসৰ চাকৰি নিয়মীয়াকৰনতো চৰকাৰী নিয়ম উলংঘা কৰিছিল দীপক বৰদলৈয়ে।দীপক বৰদলৈক কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল আৰু জাননী সন্তোষজনক উত্তৰ লাভ নকৰাত নিলম্বন কৰিছে শিক্ষা বিভাগে।

Also Read: ত্যাগবীৰ হেমবৰুৱা কেন্দ্ৰত কৃৰ্তী শিক্ষাৰ্থীক অভিনন্দন

morigaon