নিজৰ মৃত্যু প্ৰমাণিত কৰাৰ বাবে অন্য যুৱতীক হত্যা কৰি ঢালিলে এচিড, চিৰিয়েলৰ পৰা অনুপ্ৰাণিত...

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা। এই ঘটনা সমূহ বৃদ্ধি হোৱাৰ কাৰণ কোনোবাখিনিত ছ'চিয়েল মিডিয়া বুলিও ক'ব পাৰি।

author-image
Asomiya Pratidin
New Update
নিজৰ মৃত্যু প্ৰমাণিত কৰাৰ বাবে অন্য যুৱতীক হত্যা কৰি ঢালিলে এচিড, চিৰিয়েলৰ পৰা অনুপ্ৰাণিত...

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা। এই ঘটনা সমূহ বৃদ্ধি হোৱাৰ কাৰণ কোনোবাখিনিত ছ'চিয়েল মিডিয়া বুলিও ক'ব পাৰি। বহু অপৰাধী এনে আছে যিয়ে ছবি, চিৰিয়েল আদিৰ পৰা অনুপ্ৰাণিত হৈ অপৰাধমূলক কাম কৰে।

Advertisment

এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছে নয়়ডাত। এগৰাকীয় পায়ল নামৰ এগৰাকী যুৱতীয়ে চিৰিয়েল চাই প্ৰেমিকৰ সৈতে মিলি নিজৰ মৃত্যু মিছা খবৰ ৰচে। এই কথা যাতে সত্য প্ৰমাণিত হয় তাৰ বাবে পায়েলে নিজৰ লগত মিলা এগৰাকী যুৱতীক অপহৰণ কৰি হত্যা কৰে আৰু পাছত মুখত এচিড ঢালে।

পায়েলে ইয়াক লৈ চুইচাইড নোটো লিখে আৰু কয় যে ''মোৰ মুখখন জ্বলিল। মই এনেদৰে জীয়াই থাকিব নোৱাৰো''। যুৱতী ভাতৃয়ে মৃতদেহৰ অন্তিম ক্ৰিয়াও সম্পন্ন কৰে। কিন্তু বহুদিন পাছতহে এই কথা পোহৰলৈ আহে।

উল্লেখ্য , ১২ নৱেম্বৰত আৰক্ষীয়ে খবৰ পাইছিল যে পায়েল নামৰ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে। কিন্তু মৃত্যু হোৱা যুৱতী গৰাকী হেমলতা বুলিহে পাছলৈ চিনাক্ত হয়।

এই ঘটনা তেতিয়া পোহৰলৈ আহে যেতিয়া হেমলতাৰ পৰিয়ালৰ লোকে নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰাত অজয় নামৰ এজন যুৱকৰ বিষয়ে জানিব পাৰে। অজয়ে আৰক্ষীৰ জেৰাত কয় যে পায়েলৰ লগত মিলি হত্যা কৰিছিল যুৱতী গৰাকীক।

এই ঘটনাৰ আঁৰত প্ৰেম জনিত কাৰণ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। কাৰণ পায়েলে অজয়ৰ লগত বিয়া হ'ব বিচাৰিছিল কিন্তু পৰিয়ালৰ লোকে পায়েলক অন্য যুৱকৰ লগত বিয়া দিয়া যো জা চলাইছিল।

আৰু পঢ়ক: আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ মৃত্যু

murder delhi crime