/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fbd7b592-11a2-47c2-bbb1-deefe578fe3b/ashim.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান৷ বৃহস্পতিবাৰে নিশা নগাঁও চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ ৷দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তেওঁ ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ৷ নগাঁও ফটোগ্ৰাফাৰ এচ'ছিয়েশ্বনৰ সভাপতি আছিল প্ৰয়াত কুণ্ডু ৷ ইয়াৰোপৰি 'বিস্ময়' আলোচনীৰ ফটোগ্ৰাফাৰ আছিল ৷ ছবি নিৰ্মাতা অৰূপ মান্নাৰ সকলো ছবিৰেই স্থিৰ চিত্ৰ গ্ৰহণকাৰী আছিল জ্যেষ্ঠ ফটোগ্ৰাফাৰ গৰাকী ৷
অধুনালুপ্ত জনপ্ৰিয় স্থানীয় নিউজ চেনেল 'নগাঁও টকছ'ৰো জ্যেষ্ঠ ফটো সাংবাদিক আছিল কুণ্ডু ৷ নগাঁও চহৰৰ মাজমজিয়াতে তেওঁৰ আছিল 'ৰিয়েল ফটো ইমেজ' নামৰ এটা ষ্টুডিঅ'ও ৷ নগাঁও প্ৰেছ ক্লাবৰো এসময়ৰ সদস্য আছিল প্ৰয়াত কুণ্ডু ৷ সমগ্ৰ নগাঁৱতে পৰিছে শোঁকৰ ছাঁ ৷
আৰু পঢ়ক : পুনৰ দৰঙলৈ সুনাম কঢ়িয়াই আনিলে মঙলদৈৰ জ্যোতিস্মিতাই