/asomiyapratidin/media/media_files/2025/04/26/8USxMTC7W9zAe3RpgyaX.jpg)
কাছাৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী
ডিজিটেল সংবাদ,শিলচৰ: পাকিস্তানক সমৰ্থন কৰা কোনো লোককে ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই। "যিয়েই নহওঁক, ৰাষ্ট্ৰ বিৰোধী মন্তব্য দিলেই যাব লাগিব জে'ললৈ। পাকিস্তানক সমৰ্থন কৰা ইতিমধ্যে ন জনতকৈ বেছি লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পিছতো অনুতপ্ত নহৈ কোনোবাই পুনৰ পাকিস্তান আৰু বাংলাদেশৰ সমৰ্থন কৰিলে, তেওঁলোকক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব" বুলি কঠোৰ সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।
শনিবাৰে কাছাৰ জিলাৰ হাতিচৰাত আয়োজিত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ দিনত লুঙী, ধুতি, আঠুৱা, সুতা কম্বলৰ ৰাজনীতি কৰা হৈছিল। লুঙি, ধুতি আঠুৱা,সূতা কম্বলক কংগ্ৰেছৰ পঞ্চামৃত বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। আনহাতে,অৰুণোদয়, ৰেচন কাৰ্ড, সুলভ মূল্যত ৰন্ধন গেছৰ ছিলিণ্ডাৰ,আয়ুষ্মাণ, মহিলা উদ্যমিতা আদি বিজেপিৰ পঞ্চামৃত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
ৰন্ধন গেছৰ মুল্য তিনিশ কমত যোগান ধৰিব অসম চৰকাৰে। ৬০০ ৰ পৰা ৬৫০ টকাত ৰন্ধন গেছৰ ছিলিণ্ডাৰ লাভ কৰিব অসমৰ ৰাইজে। তদুপৰি,উজলা আঁচনিৰ হিতাধিকাৰীয়ে ২৫০ টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
ইফালে,শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন ছেপ্তেম্বৰত অনুষ্ঠিত কৰাৰ লগতে ডলু গ্ৰীণ বিমানবন্দৰ, শিলচৰত উৰণীয়া সেতু আৰু গেমন সেতু মেৰামতিৰ কামো সোনকালে আৰম্ভ হ'ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। বৰাকৰ তিনিও খন জিলাতে বিজেপিয়ে জিলা পৰিষদ দখল কৰিব বুলিও দৃঢ়তাৰে দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই।