/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-09-20-55.jpg)
ডিজিটেল ডেস্কঃ ৰাছিয়া-ভাৰত-চীন (আৰ আই চি) ফৰ্মেটত ৰাছিয়া, ভাৰত আৰু চীনৰ মাজত সম্ভাৱ্য বৈঠকৰ বিষয়ে জল্পনা-কল্পনাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে স্পষ্ট কৰে যে এই বিষয় সন্দৰ্ভত কোনো বৈঠক চূড়ান্ত হোৱা নাই। তেওঁলোকে লগতে কয় যে, এই বৈঠক সন্দৰ্ভত কোনো তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই। লগতে কোনো ধৰণৰ আলোচনাও চলি থকা নাই।
বৃহস্পতিবাৰে সাপ্তাহিক সংবাদমেলত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আৰ আই চি প্লেটফৰ্মৰ উদ্দেশ্য ব্যাখ্যা কৰে। জয়ছৱালে কয় যে, এই পৰামৰ্শমূলক ফৰ্মেট হৈছে এনে এক ব্যৱস্থা য’ত তিনিওখন দেশ আহি বিশ্বজনীন বিষয় আৰু তেওঁলোকৰ আগ্ৰহৰ আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
অৱশ্যে তেওঁ স্পষ্ট কৰে যে, যিকোনো বৈঠক তিনিওখন দেশৰ বাবে উপযুক্ত তাৰিখ আৰু সময়ক লৈ একমত হোৱাৰ পিছতহে হ’ব। তেওঁ লগতে কয় যে এই বিশেষ আৰ আই চি ফৰ্মেটৰ বৈঠক কেতিয়া অনুষ্ঠিত হ’ব, সেই বিষয়ে তিনিওখন দেশৰ মাজত পাৰস্পৰিকভাৱে আলোচনা কৰা হ’ব আৰু আমি আপোনালোকক উপযুক্ত সময়ত জনাম।
ইয়াৰ লগতে জয়ছৱালে আগন্তুক ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনৰ এক আপডেটো শ্বেয়াৰ কৰে। তেওঁ কয় যে,ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলন গুৰুত্বপূৰ্ণ। শেষৰখন শীৰ্ষ সন্মিলন মস্কোত হৈছিল আৰু এইবেলি এই সন্মিলন আয়োজনৰ পাল ভাৰতৰ। দুয়োখন দেশৰ সুবিধাৰ ওপৰত ভিত্তি কৰি এই অনুষ্ঠানৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।
উল্লেখযোগ্য, চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰ আই চি সহযোগিতাৰ ধাৰণাক লৈ ইতিবাচক ভাষণ দিয়ে। এক বিবৃতিত উল্লেখ কৰে যে, এনে অংশীদাৰিত্ব কেৱল তিনিওখন দেশৰ বাবেই নহয়, বিশ্ব শান্তি আৰু উন্নয়নৰ বাবেও আৱশ্যকীয়।
ৰাছিয়া-ভাৰত-চীনৰ সহযোগিতাই তিনিওখন দেশকে উপকৃত কৰে। লগতে আঞ্চলিক,বিশ্ব শান্তি, নিৰাপত্তা, স্থিতিশীলতা আৰু প্ৰগতিৰ ক্ষেত্ৰতো এই দেশ কেইখনৰ সহযোগিতা উপকৃত। ত্ৰিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাছিয়া আৰু ভাৰতৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ চীন সাজু আছে বুলিও বিবৃতিত উল্লেখ কৰে।