''ভাৰত জোড়ো যাত্ৰা''ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে কয় যে ভাৰত জোড়ো যাত্ৰাত জেডিইউ অংশগ্ৰহণ নকৰে।
''ভাৰত জোড়ো যাত্ৰা''ত আমি অংশগ্ৰহণ নকৰো: নীতিশ কুমাৰ

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে কয় যে ভাৰত জোড়ো যাত্ৰাত জেডিইউ অংশগ্ৰহণ নকৰে। তেওঁ কয় যে ৰাহুল গান্ধী নেতৃত্বাধীন 'ভাৰত জোড়ো যাত্ৰা' কংগ্ৰেছৰ "আভ্যন্তৰীণ বিষয়" । যাৰ বাবেতেওঁৰ দল জনতা দল (ইউনাইটেডে) পদযাত্ৰাত অংশগ্ৰহণ নকৰে।

পাটনাত এক অনুষ্ঠানৰ পিছত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে নীতিশ কুমাৰে। লগতে কয় যে , "ঐক্যবদ্ধ বিৰোধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব পাৰে। অৱশ্যে নীতিশে শেহতীয়াকৈ স্পষ্ট কৰি দিছিল যে কংগ্ৰেছক লৈ তেওঁৰ কোনো সমস্যা নাই।

উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব বুলি মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে কৈছিল। এই সন্দৰ্ভত নীতিশে কয়, "মই এইটো স্পষ্ট কৰিব বিচাৰো যে মই নিজেই প্ৰতিদ্বন্দী নহয়। অৱশ্যে, মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে অধিকসংখ্যক দল (বিজেপিৰ বিৰোধী) একত্ৰিত হ'ব লাগে আৰু এনে এক গঠন হোৱা ফ্ৰণ্টে প্ৰচণ্ড সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি সংবেদনশীল চৰকাৰ গঠন কৰিব।"

আৰু পঢ়ক: ঢকুৱাখনাত পথ দুৰ্ঘটনাত পথচাৰী নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in