ঢকুৱাখনাত পথ দুৰ্ঘটনাত পথচাৰী নিহত

সোমবাৰে সন্ধিয়া ঢকুৱাখনা নগৰৰ মাজ মজিয়াত সংঘটিত এক পথ দুৰ্ঘটনাই এজন অৱসৰ প্ৰাপ্ত অধ্যক্ষৰ প্ৰাণ কাঢ়ি নিয়াৰ ২৪ ঘণ্টা অতিক্ৰম নৌ কৰোতেই পুনৰ এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ প্ৰাণ হানি হয়।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ইংৰাজী নৱবৰ্ষই যেন কালিকা মাতি আনিছে ঢকুৱাখনালৈ । সোমবাৰে সন্ধিয়া ঢকুৱাখনা নগৰৰ মাজ মজিয়াত সংঘটিত এক পথ দুৰ্ঘটনাই এজন অৱসৰ প্ৰাপ্ত অধ্যক্ষৰ প্ৰাণ কাঢ়ি নিয়াৰ ২৪ ঘণ্টা অতিক্ৰম নৌ কৰোতেই  পুনৰ এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ প্ৰাণ হানি হয়।

Advertisment

ঘটনাৰ বিবৰণি মতে মঙলবাৰে সন্ধিয়া কাঠৰবাৰীৰ  বাম চাপৰি গাঁওৰ নিবাসী লীলা বৰুৱাই পদব্ৰজে কাঠৰবাৰী গাঁওৰ পৰা আহি আছিল। সেই সময়তে ঢকুৱাখনা-ঘূণাসুঁতি ৰাজ পথৰ খজুৱা দিশৰ পৰা তীব্ৰ বেগত আহি থকা এ এছ ০৪ এল ২০৭৮ নম্বৰৰ হিৰো ইগনেটৰ বাইকে পথচাৰী বৰুৱাক প্ৰচণ্ড জোৰত খুন্দা মাৰি গুৰুতৰ ভাবে আহত কৰে।

ঘটনাৰ খবৰ লাভ কৰি ঢকুৱাখনা থানাৰ আৰক্ষী ক্ষিপ্ৰতাৰে গৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ৰক্তাক্ত ,আহত লীলা বৰুৱা আৰু বাইক চালক যতীন পাতিৰক উদ্ধাৰ কৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে। কিন্তু গুৰুতৰ ভাৱে আহত বাম চাপৰি গাঁওৰ বৰুৱাই ঘটনা স্থলীতে অকাল মৃত্যুক সাৱটি লয়।

অন্যগৰাকী আহত বাইক চালক অলিমুৰ ডাংধৰা গাঁওৰ যতীন পাতিৰক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

আৰু পঢ়ক: ২০২২ বৰ্ষত নিধন নহ'ল এটাও গঁড় :অভিনন্দন প্ৰধানমন্ত্ৰীৰ

assam dhakuakhana road accident