/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7643e1ce-16f4-4a95-bc91-f4364d9890bb/nitin_gadkari_14.jpg)
১০০ কোটি নিদিলে মৃত্যু নিশ্চিত ! কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি...
ডিজিটেল ডেস্কঃ মকৰ সংক্ৰান্তিৰ আনন্দ উল্লাসৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি প্ৰদান কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি পুৱা প্ৰায় ১১ঃ৩০ আৰু ১১ঃ৪০ বজাত গাডকাৰীৰ নাগপুৰৰ খামলা চকত থকা কাৰ্যালয়লৈ হত্যাৰ ভাবুকিৰে কোনো অজ্ঞাত লোকে দুবাৰকৈ ফোন কৰিছে।
অজ্ঞাত লোকজনে আণ্ডাৰ ৱৰ্ল্ডৰ ডন ডাউড ইব্ৰাহিমৰ নামত এইদৰে ফোন কৰি ভাবুকি প্ৰদান কৰিছে। ঘটনা সন্দৰ্ভত নাগপুৰ আৰক্ষীক অৱগত কৰাৰ পিছতে গাডকাৰীৰ কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
সমান্তৰালকৈ গোটেই ঘটনাৰ তদন্তও অব্যাহতা ৰাখিছে। ডাউডৰ নামত এইদৰে ফোন কৰি অজ্ঞাত লোকজনে দাবী কৰিছে ১০০ কোটি টকা।
আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশিত তথ্য অনুসৰি গাডকাৰীৰ কাৰ্যালয়লৈ ফোন কৰা ব্যক্তিজনে কৰ্ণাটকৰ পৰা এইদৰে ফোন কৰি ভাবুকি প্ৰদান কৰাৰ লগতে ধন দাবী কৰিছে। নাগপুৰ আৰক্ষীয়ে ইতিমধ্যে কৰ্ণাটক আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু ভাবুকি প্ৰদান কৰা ব্যক্তিজনক চিনাক্ত কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ক্লিক কৰি পঢ়কঃ নাগৰিকত্ব সংশোধনী আইনেৰে সংখ্যালঘুৰ গুৰুত্ব হ্ৰাস কৰিব শাসনাধিষ্ঠ চৰকাৰে : অমৰ্ত্য সেন