চিত্রশিল্পী মুবিন ৰাভালৈ 'নিশান্ত কাশ্যপ যুৱ মেধা বঁটা'...

চিত্রশিল্পী মুবিন ৰাভালৈ 'নিশান্ত কাশ্যপ যুৱ মেধা বঁটা'...

author-image
Asomiya Pratidin
New Update
চিত্রশিল্পী মুবিন ৰাভালৈ 'নিশান্ত কাশ্যপ যুৱ মেধা বঁটা'...

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ জনপ্রিয় চিত্রশিল্পী, লেখক আৰু 'অসমীয়া প্রতিদিন' কাকতৰ স্থায়ী কার্টুনিষ্ট মুবিন ৰাভালৈ লেখিকা সংস্থা, অসমৰ "নিশান্ত কাশ্যপ যুৱ মেধা বঁটা" আগবঢ়োৱা হৈছে। গোৱালপাৰা জিলাৰ আগিয়াৰ সু-সন্তান মুবিন ৰাভা এগৰাকী প্রতিষ্ঠিত কবি হিচাপে পৰিচিত।

Advertisment

তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কবি, চিত্রশিল্পী ৰূপে কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুবিন ৰাভাই দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় চিত্র প্রদর্শনীত ভাৰতবৰ্ষৰ হৈ প্রতিনিধিত্ব কৰিব।

উল্লেখযোগ্য কথা যে অসমৰ আপুৰুগীয়া সম্পদ 'বৃন্দাবনী বস্ত্র'খনি অংকণ কৰি মুবিন ৰাভাই ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছে। ২০২৪ বৰ্ষত প্ৰথমবাৰৰ বাবে ঘোষণা কৰা এই বঁটা প্রয়াত নিশান্ত কাশ্যপৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে পৰিয়ালবৰ্গই আগবঢ়োৱা ধনৰাশিৰে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে ৪৫ বছৰৰ অনুৰ্দ্ধৰ যুৱক বা যুৱতীক প্ৰদান কৰিবৰ বাবে নিৰ্বাচন কৰা হৈছে।

প্রয়াত নিশান্ত কাশ্যপ এগৰাকী মেধাৱী আৰু এনিমেচন ভিজুৱেল এফেক্টৰ প্রথম অসমীয়া স্নাতক আছিল। অহা ২৫ জুলাইত গুৱাহাটীত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা মুবিন ৰাভাক প্ৰদান কৰা হ'ব।

Also Read: পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ কনভয়ঃ ব্যৱহাৰ কৰিছিল আমেৰিকাৰ অত্যাধুনিক মাৰণাস্ত্ৰ...

lekhika sangstha