পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ কনভয়ঃ ব্যৱহাৰ কৰিছিল আমেৰিকাৰ অত্যাধুনিক মাৰণাস্ত্ৰ...

স্থানীয় একাংশ লোকে সহায় কৰিছে পাক সন্ত্ৰাসবাদীক

author-image
Asomiya Pratidin
New Update
পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ কনভয়ঃ ব্যৱহাৰ কৰিছিল আমেৰিকাৰ অত্যাধুনিক মাৰণাস্ত্ৰ...

পাক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ কনভয়ঃ ব্যৱহাৰ কৰিছিল আমেৰিকাৰ অত্যাধুনিক মাৰণাস্ত্ৰ...

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কঠুৱাত সোমবাৰে সেনাৰ কনভয়ত হোৱা আক্ৰমণত জড়িত আছে পাক সন্ত্ৰাসবাদী। ভাৰতীয় সেনাৰ এক সূত্ৰই দাবী কৰা অনুসৰি সোমবাৰৰ এই আক্ৰমণত সন্ত্ৰাসবাদীয়ে যি অস্ত্ৰ ব্যৱহাৰ কৰিছে সেইসমূহ আমেৰিকাত তৈয়াৰ কৰা।

Advertisment

উল্লেখ্য যে, ভাৰতীয় সেনাৰ কনভয়ত হোৱা এই আক্ৰমণত ৫ জনকৈ সেনা জোৱান নিহত হোৱাৰ লগতে আন ৬ জন জোৱান গুৰুতৰভাৱে আহত হৈছিল। মন কৰিবলগীয়া যে, যোৱা শনিবাৰৰ পৰা কাশ্মীৰত সন্ত্ৰাসবাদীৰে সেনা, আৰক্ষীৰ সংঘৰ্ষ অব্যাহত আছে।

খবৰ অনুসৰি পাকিস্তানৰ পৰা অবৈধভাৱে সীমান্ত পাৰ হৈ সন্ত্ৰাসবাদীৰ এটা দলে কাশ্মীৰত প্ৰৱেশ কৰিছিল। এই সন্ত্ৰাসবাদীৰ দলটোৱে কাশ্মীৰৰ স্থানীয় একাংশ লোকৰ সহায় লাভ কৰিছে।

সেনাৰ কনভয়ত আক্ৰমণৰ সময়ত এই সন্ত্ৰাসবাদীৰ গোটে এম-৮ কাৰ্বাইন ৰাইফল ব্যৱহাৰ কৰিছে। অত্যাধুনিক এই অস্ত্ৰ তৈয়াৰ কৰে আমেৰিকাৰ এটা সংস্থাই।

৮ জুলাই, সোমবাৰে বিয়লি সেনা বাহিনীৰ বহু কেইখন গাড়ীৰে নিয়মমাফিক তহল দিছিল। তাৰ মাজতে কঠুৱা জিলাৰ পৰা ১৫০ কিলোমিটাৰ আঁতৰৰ মাছেদি অঞ্চলত এই কনভয়ক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰি আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে।

এই অতৰ্কিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনায়ো। ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ দলটোক প্ৰতিআক্ৰমণ কৰাত জংঘলৰ মাজত সোমাই পৰে সন্ত্ৰাসবাদীৰ দলটো। ভাৰতীয় সেনাও জংঘলৰ মাজলৈ গৈ সন্ত্ৰাসবাদীৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়।সহযোগ কৰি আৰক্ষীয়েও।

জানিব পৰা মতে যিস্থানত তহলদাৰী ভাৰতীয় সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল সেই স্থানৰ পথ ব্যৱস্থা ভাল নাছিল। পথৰ বেয়া অৱস্থাৰ বাবেই বাহনসমূহে ঘণ্টাত ১০ ৰ পৰা ১৫ কিলোমিটাৰ অধিক বেগেৰে চলাটো সম্ভৱ নাছিল। ইয়াৰে সুযোগ গ্ৰহণ কৰি সন্ত্ৰাসবাদীৰ দলটোৱে আক্ৰমণ সংঘটিত কৰিছিল।

এগৰাকী সেনা বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে, আমি ৫ জন সতীৰ্থক হেৰুৱালো। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ মাজৰো দুজনৰ অৱস্থা সংকটজনক।

ইফালে সেনাৰ ওপৰত হোৱা এই আক্ৰমণৰ ফলত দেশৰ ৰাজনৈতিক পৰিস্থিতিও গৰম হৈ পৰিছে। আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ চুপতি। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে, কেৱল ফোঁপোলা ভাষণ আৰু মিছা প্ৰতিশ্ৰুতি দিলেই নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও লওক।

স্মৰ্তব্য, যোৱা শনিবাৰে ৰাজৌৰী জিলাৰ কুলগামত সেনা, আৰক্ষীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হৈছিল। কুলগাম জিলাৰ মদেৰগামৰ ফ্ৰিচাল এলেকাত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ পোৱাৰ পাছতে চি আৰ পি এফ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাইছিল।

তাৰ মাজতে গাওঁখনত লুকাই থকা সন্ত্ৰাসবাদীৰ দলটোৱে অভিযানকাৰী নিৰাপত্তাবাহিনীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে। ইয়াত হোৱা সংঘৰ্ষত চাৰি সন্ত্ৰাসবাদীৰ নিহত হয়।

সমান্তৰালকৈ সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় দুই সেনা জোৱান। শনিবাৰেই ৰাতি আকৌ মাঞ্জাকোট সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। শিবিৰলৈ লক্ষ্য কৰি গুলী চলাইছিল সন্ত্ৰাসবাদীয়ে।

ইয়াৰ পিছতে সেনাই চলোৱা অভিযানত দুই সন্ত্ৰাসবাদী নিহত হৈছে বুলি আৰক্ষীয়ে জনাইছিল। এইদৰেই যোৱা শনিবাৰৰে পৰা উত্তপ্ত হৈ আছে কাশ্মীৰ উপত্যকা।

Also Read: চূৰমাৰ হয় সপোনঃ অসমত প্ৰতিবছৰে ১০০কোটি টকাৰ ঘৰ-দুৱাৰ উটুৱাই নিয়ে বানে...

জম্মু কাশ্মীৰ ভাৰতীয় সেনা সন্ত্ৰাসবাদী আক্ৰমণ