বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ বৰ্ষৰ ইউনাইটেড বঁটা

বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ বৰ্ষৰ ইউনাইটেড বঁটা

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ বিশিষ্ট ক্রীড়া প্রশিক্ষক, ক্ৰীড়াৰ উত্তোৰণৰ ক্ষেত্ৰখনৰ যথেষ্ট বৰঙনি আগবঢ়োৱা বজালীৰ সু-সন্তান নিপন দাসক বুধবাৰে পাঠশালাৰ কেন্দুগুৰীত ইউনাইটেড বঁটা ২০২৪ প্ৰদান কৰা হয়৷ নৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ প্ৰাক মুহুৰ্তত এই বঁটা প্ৰদান কৰা হয়৷ এই বঁটাৰ লগত আছে অভিনন্দন পত্র, শৰাই, স্মাৰক, গামোচা, চেলেং-চাদৰ, জাপি, গ্ৰন্থৰ টোপোলা আৰু নগদ এক লাখ টকা।

নিপন দাসে বটা গ্ৰহন কৰি আনন্দ-আবেগত উৎফুল্লিত হৈ আয়োজক ইউনাইটেড ক্লাব আৰু তৰুন সংঘক ধন্যবাদ জনায়৷ দাসে কয় যে বজালীত বহু ক্ৰীড়াৰ সুপ্ত প্ৰতিভা আছে এই প্ৰতিভাক উলিয়াই অনাত গুৰুত্ব প্ৰদান কৰিব লাগে৷ তেওঁলৈ আগবঢ়োৱা বঁটা গ্ৰহণ কৰি বঁটাৰ লগত আগবঢ়োৱা নগদ এক লাখ টকা আয়োজকসকলক পুনৰ উভতাই দি সেই টকা সমাজ সেৱাৰ কামত খৰচ কৰাৰ বাবে অনুৰোধ জনায়৷ শিল্পীগৰাকীয়ে এই মহানুভৱতাৰ বাবে সকলোৱে আদৰণি জনায়৷

এই অনুষ্ঠানৰ আঁতধৰে মৃদুল তালুকদাৰে৷ অনুষ্ঠানত আনন্দৰাম বৰুৱা একাডেমিৰ ডাইৰেক্টৰ ড° ৰণজিৎ ডেকা, প্ৰতিদিন কাকতৰ প্ৰকাশক যতীন চৌধুৰী, ব্যৱসায়ী অনিন্দ শৰ্মা, ইউনাইটেড ক্লাৱৰ বিষয়ববীয়া আৰু কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল৷

বজালীৰ কেন্দুগুৰিস্থিত ইউনাইটেড ক্লাবে ২০মে'ৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল ইউনাইটেড সন্ধিয়া। ক্লাবটোৱে প্ৰতি বছৰে এই অনুষ্ঠানতে অসমৰ সামাজিক, সাংস্কৃতিক, ক্রীড়া, চিকিৎসা, ঔদ্যোগিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বৰেণ্য ব্যক্তিক প্ৰদান কৰি আহিছে ইউনাইটেড ক্লাবৰ সর্বোচ্চ সন্মান ইউনাইটেড বঁটা।

এইবাৰৰ ইউনাইটেড সন্ধিয়াত প্ৰথম দিনা আচুর্য বৰপাত্ৰ আৰু ৰিছা ভৰদ্বাজে সংগীত পৰিৱেশন কৰে৷ দ্বিতীয় দিনা জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী আৰু নীল আকাশে সংগীতানুষ্ঠান পৰিবেশন কৰে৷। আৰু অন্তিম দিনা ২২মে'ত সংগীত পৰিৱেশন কৰে জুবিন গাৰ্গে৷ উল্লেখযোগ্য যে ইউনাইটেড ক্লাব আৰু বামাখাটা তৰুন সংঘই এই অনুষ্ঠানতে এখন বিনামূলীয়া এম্বুলেন্স ৰাইজৰ নামত উৎসৰ্গা কৰে৷

বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ বৰ্ষৰ ইউনাইটেড বঁটা
১জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম, পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in