১জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম, পঢ়ক সবিশেষ...

১জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম, পঢ়ক সবিশেষ...

author-image
Asomiya Pratidin
New Update
১জুনৰ পৰা ড্ৰাইভিং লাইচেন্সৰ নতুন নিয়ম, পঢ়ক সবিশেষ...

ডিজিটেল ডেস্কঃ ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে নতুন নিয়মৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰকাশ কৰিছে। নতুন নিয়ম অনুসৰি চৰকাৰী আঞ্চলিক কাৰ্যালয়ৰ পৰিৱৰ্তে লাইচেন্স প্ৰদান কৰিব ব্যক্তিগত ড্ৰাইভিং স্কুলে। এই ড্ৰাইভিং স্কুলসমূহে মানি চলিব লাগিব কেতবোৰ চৰকাৰী নীতি নিয়ম। এই ব্যৱস্থাৰ লগে লগে পুব সোনকালেই লাভ কৰিব ড্ৰাইভিং লাইচেন্স।

Advertisment

গাড়ী চালনাৰ ক্ষেত্ৰটো নিয়ম ভংগকাৰীৰ বিৰুদ্ধে মন্ত্ৰালয়ে নিয়ম সলনি কৰিছে। লাইচেন্স অবিহনে গাড়ী চলালে পূৰ্বৰ ১০০০ টকাৰ পৰিৱৰ্তে এতিয়া জৰিমনা ভৰিব লাগিব ২০০০টকা। দ্ৰুত গতিত বাহন চলোৱাৰ বাবে কোনো নাবালক ধৰা পৰিলে পিতৃ-মাতৃৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। লগতে জৰিমনা ভৰিব লাগিব ২৫হাজাৰ টকা ৷ ইয়াৰোপৰি বাহনৰ মালিকৰ গাড়ীৰ পঞ্জীয়নো বাতিল হ’ব৷ ১জুনৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা।

ড্ৰাইভিং স্কুলসমূহত ড্ৰাইভিঙৰ প্ৰশিক্ষণ লোৱাৰ পাছত কেন্দ্ৰসমূহতে লাইচেন্সৰব বাবে আবেদন কৰিব পাৰিব। যিসকলে প্ৰথমবাৰৰ বাবে লাইচেন্সৰ বাবে আবেদন জনাব তেওঁলোকক বাবে ২৫০ টকাৰ মাচুল ধায্য কৰা হৈছে। যিসকলে দ্বিতীয়বাৰৰ বাবে লাইচেন্সৰ বিচাৰি আবেদন কৰিব তেওঁলোকৰ বাবে ৩০০টকাৰ মাচুল ঠিক কৰা হৈছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় ড্ৰইভিং লাইচেন্সৰ বাবে ১০০০টকাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে।

ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত সমূহেও মানি চলিব লাগিব কেতবোৰ নিয়ম। প্ৰশিক্ষণ কেন্দ্ৰত নূন্যতম ১ একৰ মাটি থাকিব লাগিব। প্ৰশিক্ষকৰ হাইস্কুল ডিপ্লমা থকাৰ লগতে কমেও ৫ বছৰৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থকা লোক হ’ব লাগিব। স্কুলসমূহে উপযুক্ত পৰীক্ষাৰ সুবিধা প্ৰদান কৰিব লাগিব।

দুচকীয়া বাহনৰ বাবে ৪ সপ্তাহত ২৯ ঘণ্টাৰ প্ৰশিক্ষণ দিয়াটো আৱশ্যক৷ ইয়াৰ মাজতেই লিখিত প্ৰশিক্ষণৰ বাবে ৮ঘণ্টা আৰু ২১ ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে৷ চাৰিচকীয়া বাহনৰ বাবে ৬ সপ্তাহত অন্তত ৩৮ ঘণ্টাৰ প্ৰশিক্ষণ দিব লাগিব৷ ইয়াতো ৮ঘণ্টা লিখিত প্ৰশিক্ষণ থাকিব আৰু বাকী ৩০ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণ৷

Also Read: ঢকুৱাখনাত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৬সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন

driving license Ministry of Road Transport and Highways