নগাঁৱৰ ৯ খন বিদ্যালয়ৰ নামভৰ্তি স্থগিতৰ নিৰ্দেশ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ

অসম ৰাজ্যিক  বিদ্যালয় শিক্ষা বোৰ্ডে নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্ত্তিৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে। ২০২৫ চনৰ একাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত প্ৰশ্ন কাকত অকৰ্তৃশীলভাৱে ব্যৱহাৰ কৰাৰ লগতে ছীল ভঙাৰ অভিযোগত বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
নামভৰ্তি স্থগিতৰ নিৰ্দেশ

নামভৰ্তি স্থগিতৰ নিৰ্দেশ

ডিজিটেল সংবাদ, নগাঁও : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে নগাঁও জিলাৰ ৯ খন বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্ত্তিৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে। ২০২৫ চনৰ একাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত প্ৰশ্নকাকত অকৰ্তৃশীলভাৱে ব্যৱহাৰ কৰাৰ লগতে ছীল ভঙাৰ অভিযোগত বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 

Advertisment

নগাঁও সংমণ্ডল বিদ্যালয় সমুহৰ পৰিদৰ্শকে শুকুৰবাৰে জাৰি কৰা নিৰ্দেশত উল্লেখ কৰিছে যে পৰিষদৰ দ্বাৰা উল্লেখিত ২২ এপ্ৰিলৰ স্মাৰক পত্ৰ নং  ASSEB/DIV- II/ EXB/ MISC/ 2০18/63(II) আৰু স্মাৰক পত্ৰ নং ASSEB/DIV -I/ EXB/MISC/2018/63(II) মতে ২৭এপ্ৰিলত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক একাদশ  বৰ্ষৰ চুড়ান্ত পৰীক্ষাৰ সময়ত এই শিক্ষানুষ্ঠান সমুহ প্ৰশ্ন কাকত অকৰ্তৃশীল ভাৱে ব্যৱহাৰ কৰা আৰু ছীল ভঙাৰ কামত জড়িত হৈ আছে। এই পদক্ষেপে নিকা পৰীক্ষা ব্যৱস্থাক ভেঙুচালী কৰিছে। ইয়াৰ বাবে  বোৰ্ডে  অনুমোদন (Affiliattion) এই শিক্ষানুষ্ঠান কেইখনত স্থগিত ৰাখিছে। অনুমোদন বাতিলৰ প্ৰতি লক্ষ্য ৰাখি আৰু  বোৰ্ডে জাৰি কৰা নিৰ্দেশনা কঠোৰ ভাবে পালন কৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই বিদ্যালয় সমুহত ২০২৫-২৬  চনৰ শৈক্ষিক বৰ্ষৰ বাবে নামভৰ্তি বন্ধ ৰাখিবলৈ পৰিষদে নিৰ্দেশনা জাৰি কৰিছে। নগাঁও সংমণ্ডল বিদ্যালয় সমুহৰ পৰিদৰ্শকে কালি জাৰি কৰা নিৰ্দেশত উল্লেখ কৰিছে যে, এই নিৰ্দেশনা উলংঘন কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অধিক অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

এনে অভিযোগৰ সন্মুখীন হোৱা বিদ্যালয় সমুহ হল বগৰিগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এছ.এ.এছ ইন্টাৰনেচনেল মডেল স্কুল (হোজাই), শংকৰদেৱ বিদ্যা নিকেতন (কঠীয়াতলী), কঠীয়াতলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, প্ৰিমীয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ষ্টাৰ লাইট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, চুফী চুলতান আহমেদ একাডেমি আৰু শংকৰদেৱ বিদ্যা নিকেতন (ৰহা)। ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল প্ৰদৰ্শন কৰাৰ বাবে জিলাখনৰ গোসাঁইবৰি ছোৱালী হাইস্কুল, লংজাপ হাইস্কুল, হিন্দুস্তানী হিন্দী হাইস্কুল, গুইমাৰী হাইস্কুল, কনুৱামাৰী হাইস্কুল, বেচামাৰী ছোৱালী হাইস্কুল, কাঠপাৰা গাৰ্লছ হাইস্কুলৰ বিৰুদ্ধে শিক্ষা বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে। এই শিক্ষানুষ্ঠান কেইখনক হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল প্ৰদৰ্শনৰ কাৰণ ৫ মে'ৰ ভিতৰত শিক্ষা বিভাগক জনাবলৈ অসম ৰাজ্যিক শিক্ষা   বোৰ্ডৰ ডিভিজন -১ৰ সচিবে ২৪ এপ্ৰিলত নিৰ্দেশনা জাৰি কৰিছে।

প্ৰশ্নকাকত নগাঁও