থোৰোতে কাব্যঋষি নীলমণি ফুকন

থোৰোতে কাব্যঋষি নীলমণি ফুকন
থোৰোতে কাব্যঋষি নীলমণি ফুকন

ডিজিটেল ডেস্কঃ কবি নীলমণি ফুকনৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১০ছেপ্টেম্বৰ দেৰগাঁৱত। পিতৃ আৰু মাতৃ আছিল প্ৰয়াত কৃৰ্তী নাথ ফুকন আৰু বৰদা ফুকন। তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।

তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন কাইঁট, গোলাপ আৰু কাঁইট, অলপ আগতে আমি কি কথা পাতি আছিলো,গোলাপী জামুৰ লগ্ন আদি।

আনহাতে জাপানী কবিতা, চীনা কবিতা, গাথিয়া লড়কাৰ কবিতা তেওঁৰ অনুবাদিত কবিতা। ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি, ১৯৬৪ চনত তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পূৰ্বে তেওঁ দেৰগাঁও বালিকা হাইস্কুলত শিক্ষকতা কৰিছিল।

২০২৩ৰ ১৯ জানুৱাৰীত সাহিত্যৰ পথাৰ উকা কৰি থৈ যোৱা কাব্যঋষিক মৃত্যুৰ পূৰ্বেই বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। তাৰ ভিতৰত পদ্মশ্ৰী (১৯৯০) সাহিত্য অকাডেমী (১৯৮১), সাহিত্য অকাডেমী ফেল'শ্বিপ, জ্ঞানপীঠ বঁটা (২০২০), অসম সাহিত্য উপত্যকা বঁটা (১৯৯৭) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি.লিট উপাধি প্ৰদান আদি উল্লেখযোগ্য সন্মান।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in