মোৰ মৃত্যুৰ পাছত খুলিবা এই চিঠি : নীলমণি ফুকন

মোৰ মৃত্যুৰ পাছত খুলিবা এই চিঠি : নীলমণি ফুকন

- মৃদুল কুমাৰ সন্দিকৈ

অহাৰ বাটেৰে অজান মুলুকলৈ উভতি গ'ল কাব্যঋষি । দি গ'ল কোনোদিনেই উভতি নহাৰ প্ৰতিশ্ৰুতি । তেওঁৰ মৃত্যুত কবিতাই পাতিছে শোক সভা! কবিতাই কৈছে - হে কবি কিয় আমাক এৰি গুছি গ'লা ? ১৮ জানুৱাৰী,২০২৩, খবৰ আহিছিল তেওঁৰ অসুখৰ । ১৯ জানুৱাৰী,২০২৩ৰ পুৱা ১১:৫৫ বজাত খবৰ আহিল জি এম চিৰ পৰা তেওঁ নোহোৱাৰ ।

অসমীয়া কাব্য সাহিত্যত তেওঁৰ কীৰ্তি আৰু অৱদানৰ আলচ কৰাৰ সাধ্য আমাৰ নাই । তেওঁৰ কবিতা পঢ়ি আমি কেৱল মন্ত্ৰমুগ্ধ হৈ পৰিব পাৰো । তেওঁৰ কাব্যিক চেতনা ইমান গভীৰ যে সেই উপলব্ধিৰ সীমনা নাছিল । মানুহে আলোচনা কৰিছে তেওঁৰ কথা, তেওঁক কবিতা আৰু পৰ্বতসম ওখ বিশাল ব্যক্তিত্বৰ কথা । তেওঁ সদায় অসাধাৰণ । মৃত্যুৰ পূৰ্বেই তেওঁৰ ইচ্ছা আছিল মৃত্যুৰ পিছত পূৰণ কৰিব লগীয়া । তাৰেই এটা অনাড়ম্বৰ হ'ব লাগিব তেওঁৰ শেষকৃত্য ।

আনটো ইচ্ছা তেওঁৰ সংকটৰ সময়ৰ । ৬০-৭০ দশকত কলীয়া ডাৱৰে তেওঁক আবৰি ধৰিছিল । জ্ঞানপীঠ বিজেতা কবি গৰাকীক এচামে কবিতা চুৰ কৰাৰ অভিযোগত অভিযুক্ত কৰিছিল । সেই কাহিনী তেওঁ এখন চিঠিত লিখিছিল । চিঠিখনৰ খামটো বন্ধ কৰি গোট গোট চিনাকী আখৰেৰে ৰঙা চিয়াহীৰে লিখিছিল - "মই যোৱাৰ পিছতহে খামটো খুলিবা, বিশ্বাস ৰাখিবা"

খামটোৰ ওপৰত ঠিকনা আছিল বিশিষ্ট চিন্তাবিদ, সম্পাদক-সাংবাদিক নিত্য বৰাৰ। নীলমণি ফুকনে এই খামটো ২০০৪ চনতেই নিত্য বৰাক দিছিল।

এদিন নীলমণি ফুকন যথেষ্ঠ জনপ্ৰিয় হৈছিল। ষাঠি-সত্তৰ দশকত তেওঁ কবিতাৰ আন সমকালীন কবিৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল। হয়তো সেই ঈৰ্ষাৰ বাবেই সেই সময়ৰ আন এজন জনপ্ৰিয় কবিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এনে এক ষড়যন্ত্ৰৰ জাল মেলিছিল।

'আমাৰ প্ৰতিনিধি' নামৰ আলোচনী খনৰ গুৱাহাটীৰ কাৰ্যালয়ত সেই পুৰনি 'ইকো' নামৰ আলোচনীখনৰ কপি দিবলৈ দুজন ব্যক্তি আহিছিল। আচলতে তেওঁলোকক পঠোৱা হৈছিল। ভূপেন হাজৰিকাই তেওঁৰ সম্পাদিত নিবন্ধত লিখা জনৈক মৃদুপৱন বৰুৱা কোন সেই সাঁথৰ নিশ্চয় ফাদিল হ'ব এতিয়া।

অতি কষ্টৰে নীলমনি ফুকনে সেই সময় পাৰ কৰিছিল। ভৱেন বৰুৱাই 'সংজ্ঞা' নামৰ আলোচনীত নীলমণি ফুকনৰ পক্ষত নীলমণি ফুকনৰ কবিতাক লৈ লিখিছিল। সেই সময়ৰ বৌদ্ধিক সমাজে এই ষড়যন্ত্ৰৰ বিৰোধীতা কৰিছিল। সমগ্ৰ ঘটনাৰ বিৱৰণ আৰু নিত্য বৰাই এটা লেখাত আছে - হাত-ভৰি-মুখ সমানে চলাব পৰা বুদ্ধিবাগীশ আমোলা অথবা কেৱল ৰাজনৈতিক সামাজিক প্রতিপত্তিৰ জোৰতে বৰ চুৰিয়াৰ ফেৰ মাৰি সাহিত্যত অৱলীলাক্ৰম কুম্ভিলক বৃত্তি চলাই যোৱাসকলৰ কথা আপাততঃ স্থগিত ৰাখিছো। এইবাৰ প্ৰায় ৩০ বছৰ আগৰ অসমৰ বৌদ্ধিক মহলৰ এক ভয়ংকৰ জালিয়াতিৰ কাহিনী লিখিবলৈ লৈছো। যিটো ঘটনাই অসমৰ এজন বৰেণ্য ব্যক্তিৰ সাহিত্যিক জীৱনৰ প্রায় পৰিসমাপ্তি ঘটাব ধৰিছিল।

আজিকালি বাতৰি কাকত, আলোচনীত প্রায়ে কিছুমান খবৰ প্ৰকাশ হৈ থাকে। খবৰবোৰ এনেকুৱা – অমুকৰ কবিতাটো বা গল্পটো তমুকে নিজৰ নামত প্ৰকাশ কৰিছে। কেতিয়াবা কবিতা বা গল্পটোৰ নামটো সলাই, কেতিয়াবা মূল লেখকৰ শব্দ দুই-এটা ইফাল সিফাল কৰি অথবা কেতিয়াবা সেইবোৰ গোটে গোটে বহু নিজৰ নামত ছপাই দিয়ে। অভিযুক্ত দুই-এজনে আবোল-তাবোল বকি আত্মপক্ষ সমর্থন কৰাৰ বৃথা চেষ্টা কৰে। বুদ্ধিমান সকল মনে মনে থাকে। সময়ত মানুহে কথাবোৰ পাহৰি যায়। নতুন প্ৰজন্মৰ মাজত এইবোৰ চলিছেই। বৰদেউতা -তাৱৈহঁতৰ বিৰুদ্ধেও এনে অপবাদ কম নহয়। সেইবোৰ নোখোঁচৰো। দুৰ্গন্ধ ওলাব। এইবোৰ পিচে 'অনন্তকাল' ধৰি চলিয়েই আছে। থাকিবও। পি পু সি শু ৰ উত্তৰাধিকাৰী আমিসৱে হামিয়াই-হিকটিয়াই কৈছো – 'অ' হয় নেকি?'

ৰ'ব, আচল কাহিনীলৈ আহো। এইবাৰ আমাৰ কাহিনীৰ কেন্দ্ৰীয় চৰিত্ৰ নীলমণি ফুকন। কবি আৰু কলা-সমালোচক নীলমণি ফুকনে তেওঁৰ অনবদ্য সম্ভাৰেৰে যোৱা প্রায় পাঁচ দশককাল অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতখন কৰিছে। যোৱাটো শতিকাৰ ষাঠিৰ দশকৰ মাজভাগত এই ঋষিতুল্য জনৰ সান্নিধ্য লাভৰ সৌভাগ্য মোৰ হৈছিল। কলেজীয়া জীৱনত মই তিনি বছৰ তেওঁৰ ছাত্ৰ আছিলো। কিন্তু শিক্ষক নীলমণি ফুকন নহয়— প্রথমতে কবি, তাতোকৈ ডাঙৰ কথা মানুহ নীলমণি ফুকনে মোৰ সশ্রদ্ধ সম্ভ্রম আদায় কৰি মোৰ সেই সময়ৰ দিনবোৰ সাৰ্থক কৰি দিছিল। কবিতা যে সাধনাৰ হ'ব পাৰে-  একোটা শব্দক লৈ যে এজন কবিয়ে এক বিনিদ্ৰ ৰজনী পাৰ কৰিব পাৰে  নীলমণি ফুকনক যি অতি কাষৰ পৰা দেখা নাই সেয়া তেওঁ অনুভৱ কৰিব নোৱাৰে। ফুকনৰ কবিতা সন্দৰ্ভত এখন সমালোচকে পৰবর্তী সময়ত দিয়া এটা মন্তব্য মই পৰম আন্তৰিকভাবে মানি লওঁ: কবিতা ফুকনৰ বাবে তপস্যাৰ তুল্য। আনে যি পবিত্ৰতা, নিষ্ঠা আৰু আত্মনিবেদনেৰে উপাসনা কৰে, ফুকনে কাব্য ৰচনাত তেনে আত্মোৎসৰ্গৰ পৰিচয় দিয়ে।

এইজন নীলমণি ফুকন এদিন কবিতা চুৰিৰ অভিযোগত অভিযুক্ত হ'ল

ফুকনৰ কবিতাৰ গুণ-গান গাবলৈ মোৰ এই লেখা নহয়। প্রসংগ অন্য এটাহে। এইজন নীলমণি ফুকনক এজন স্পেনিছ মূলৰ কবিৰ কবিতা এটা গোটে গোটে চুৰি কৰাৰ অভিযোগত অভিযুক্ত কৰা হ'ল। ১৯৭৪ চনৰ ৰঙালী বিহু সংখ্যা 'আমাৰ প্রতিনিধি'ত আলোচনীখনৰ সেই সময়ৰ সম্পাদক ড০ ভূপেন হাজৰিকাই তেওঁৰ সম্পাদকীয় নিবন্ধত জনৈক মৃদুপৱন বৰুৱাৰ এখন চিঠি উদ্ধৃত কৰিলে য'ত অভিযোগ কৰা হৈছিল যে ফুকনে ৰচনা কৰা বুলি ছপা হাৱা 'টোপনিতো তেওঁ মোক' নামৰ কবিতাটো আচলতে Leon Felipe Camino (1834) Nightmare নামৰ কবিতাটোৰ নকল। মৃদুপৱনৰ চিঠিত অন্য বহু কথা আছিল- সেইবোৰ বৰ প্ৰয়োজনীয় নহয়। মূল অভিযোগটো Nightmare ৰ অসমীয়া ৰূপান্তৰহে। মৃদুপৱনে তেওঁৰ অভিযোগৰ সাক্ষ্য প্রমাণ হিচাপে দাখিল কৰিছিল ECHO নামৰ এখন প্রায় জৰাজীর্ণ এলান্ধু লগা পুৰণি আলোচনী। আলোচনীখন প্রকাশ হৈছিল কেৰালাৰ কোচিন চহৰৰ কয়'ৰ ৰ'ডৰ পৰা। প্রকাশক সম্পাদক আছিল হাইদৰ বেইগ আৰু আলোচনীখন ছপা হৈছিল বিজয়বাড়া চহৰৰ ৰাঘৱন নামৰ এটা প্ৰেছত। ECHO ৰ ১৯৬১ চনত প্ৰকাশ হোৱা সেই বিশেষ সংখ্যাত a galaxy of international poets 4 মাজত স্থান পোৱা Leon Felipe Caminoৰ Nightmare আৰু ফুকনৰ 'টোপনিতো মোক…' দুয়োটা কবিতা চিঠিখনৰ পৰা তুলি আমি আমাৰ প্রতিনিধিৰ পাতত উদ্ধৃত কৰা হৈছিল।

বাতৰিটোৱে স্বাভাবিক কাৰণতে অসমৰ বৌদ্ধিক জগতত আলোড়নৰ সৃষ্টি কৰিলে। ফুকনৰ কবিতাৰ আগ্ৰহী পাঠক, তেওঁৰ গুণগ্ৰাহী আৰু ছাত্ৰ সমাজক এই ঘটনাই মর্মাহত কৰিলে। মোৰ এতিয়াও মনত আছে সেই সময়ত নীলমণি ফুকনৰ খ্যাতি আৰু গৰিমাই ঈর্যান্বিত কৰা তেওঁৰ সমসাময়িক আৰু অগ্রজ এচাম কবি-সাহিত্যিকৰ চকুৱে-মুখে বিৰিঙি উঠা সুখ আৰু আনন্দৰ ৰেখা। আচৰিত কথা নহয়, ফুকনক ওচৰৰ পৰা পোৱা, দেখা-জনা বহু ব্যক্তিয়ে মৃদুপৱন বৰুৱা নামৰ ছদ্মবেশী কবি-গোয়েন্দাজানৰ সাক্ষ্য প্ৰমাণ বিশ্বাস কৰা নাছিল।

আটাইতকৈ কৰুণ অৱস্থা হৈছিল মোৰ নিজৰে। এক এৰাব নোৱাৰা ঘটনাক্ৰমত মই এই কাণ্ডটোৰ লগত জড়িত হৈ পৰিছিলো। সেই সময়ত "আমাৰ প্রতিনিধি"  কলিকতাৰ পৰা প্রকাশ হলেও আলোচনীখনৰ সম্পাদকীয় কার্যালয় আছিল গুৱাহাটীত।ড০ ভূপেন হাজৰিকা আলোচনীখনৰ সম্পাদক আছিল যদিও আলোচনীৰ সম্পাদনাৰ সমস্ত কাম-কাজ কৰিছিল পবিত্ৰ কুমাৰ ডেকাই। পবিত্ৰ ডেকাৰ পূর্ব শৰণীয়াৰ ঘৰখনতেই আছিল "আমাৰ প্ৰতিনিধি"ৰ গুৱাহাটীৰ কাৰ্যালয়। আচলতে সেই সময়ত, আনকি আজিও সেইখন ঘৰ অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এক পীঠস্থানস্বৰূপ হৈ আছে।

যোৱা প্ৰায় চাৰি দশকজুৰি অসমীয়া সাহিত্য সংস্কৃতি জগতৰ এনে কোনো ব্যক্তি বা অনুষ্ঠান সম্ভৱ নাই যি এই ঘৰখনৰ সংস্পৰ্শলৈ অহা নাই। সেই প্রসংগ পিচলৈ এৰিছো। পবিত্র ডেকাৰ ঘৰখন সেই সময়ত গুৱাহাটীৰ পৰা প্ৰকাশ হোৱা কেইবাখনো কাকত-আলোচনীৰ কাৰ্যালয় হৈ পৰিছিল। এতিয়া অহা-যোৱা পাতলীয়া হ'লেও এক সুদীর্ঘ কাল মই পবিত্র ডেকাৰ ঘৰৰ সাহিত্য-সংস্কৃতি জগতৰ নিয়মীয়া অংশীদাৰ আছিলো। ডেকাই মোক আমাৰ প্রতিনিধিৰ এটা বিশেষ শিতান সম্পাদনাৰ দায়িত্ব দিছিল। সেই সূত্রেই মই 'আমাৰ প্রতিনিধি'ৰ আনবোৰ সম্পাদকীয় বিষয়তো জড়িত হৈ পৰিছিলো। মৃদুপবন বোলাজনে নীলমণি যুকনৰ কবিতা চুৰিৰ সপক্ষে দাখিল কৰা ECHO নামৰ ইংৰাজী আলোচনীখন দেখিছিলো। আগতেই লেখিছো সেইখন আছিল এখন জৰাজীৰ্ণ পুৰণি আলোচনী। অসমীয়া আৰু ইংৰাজী দুয়োটা কবিতা মিলাই পঢ়ি চোৱাৰ পিচত মোৰ মনত সন্দেহ নাছিল যে ফুকন ছাৰৰ কবিতাটো কেমিনো ৰ Night mare ৰ অসমীয়া অনুবাদ। 'আমাৰ প্রতিনিধি'ত এই বাতৰি প্ৰকাশ হোৱাৰ কেইদিনমান পিচত ফুকন ছাৰ পবিত্ৰৰ ঘৰলৈ আহিছিল। পবিত্ৰৰ লগত ছাৰৰ কি কথা-বতৰা হৈছিল মই নাজানিছিলো। কিন্তু এটা সময়ত মই ছাৰৰ মুখামুখি হৈছিলো। বিষণ্ণ বিধ্বস্ত ফুকন ছাৰে মোক সুধিছিল— নিত্য, তুমিও বিশ্বাস কৰানে মই এই কাম কৰিব পাৰো? সুদীর্ঘ দিন অসীম শ্ৰদ্ধাৰে মোৰ হৃদয়ৰ থাপনাত আলফুলকৈ ৰখা ঋষিতুল্য মানুহজনক মই ৰুক্ষভাৱে উত্তৰ দিছিলো কৰোঁ – মূল আলোচনীখন দেখাৰ পিচত অবিশ্বাস কৰিবলৈ একো নাই।' ফুকন ছাৰৰ চকুৰ কোণকেইটা চকুপানীৰে ভৰি পৰিছিল।

এক ভয়ংকৰ ষড়যন্ত্র ধৰা পৰিছিল !

নতুন প্ৰজন্মৰ বহুতেই নাজানে। মাত্ৰ কেইমাহমানৰ পিচতেই এক ভয়ংকৰ ষড়যন্ত্ৰ ধৰা  পৰিছিল। সেইবোৰৰ বিস্তৃত বিৱৰণ আজি দিয়াৰ প্ৰয়োজন নাই। আচলতে কেৰেলাৰ কোচিন চহৰৰ পৰা ECHO নামৰ কোনো আলোচনীয়েই প্রকাশ হোৱা নাছিল। কোচিনত ক'য়'ৰ ৰড বুলি কোনো ৰাস্তাৰ নাম নাছিল। বিজয়বাড়াত ৰাঘৱন  নামৰ কোনো ছপাশাল নাছিল। আনকি ৰহস্যময় ECHOত galaxy of international poets ৰ মাজত স্থান পোৱা Leon Felipe Camino নামৰ কোনো স্পেনিছ কৰিব অস্তিত্বৰ কথাও কোনেও নাজানিছিল। এটা সুত্ৰই জনোৱামতে Leon Felipe নামৰ এজন কবিৰ নাম আছে- পাৰিবাৰিক সূত্রে তেওঁ Leon Felipe Camino Galacia নমটো পাইছিল। এইজন কবিয়েও কাহানিও Nightmare নামৰ কবিতা দেখা নাছিল।

এইবিলাক তথা নীলমণি ফুকন ছাৰে সংগ্ৰহ কৰিছিল Penguin Book of Spanish verse ৰ সম্পাদক J. M. Cohen (ইংলেণ্ড). Academia Mexicana ৰ সঞ্চালক Augustin yanez (মেক্সিকো), জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্পেনিছ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ এছ দে (নতুন দিল্লী), স্পেনিছ এম্বেছী, মেক্সিকান এম্বেছী (নতুন দিল্লী) আদিৰ পৰা। তদানীন্তন কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক কে পি এছ গীলে বিশেষ তৎপৰতাৰে কেৰালা ৰাজ্যিক আৰক্ষীৰ সহায়ত অস্তিত্বহীন ECHO কয়'ৰ ৰ'ড ৰাঘৱন প্ৰেছ আদিৰ খবৰ সংগ্ৰহ কৰি ফুকনক সহায় কৰিছিল।

নীলমণি ফুকনে এই সকলোবোৰ কথা সেই সময়ত গুৱাহাটীৰ পৰা প্রকাশিত 'দৈনিক অসম' কাকতৰ দুটা সংখ্যাত সংক্ষেপে ৰাজহুৱাকৈ জনাইছিল। ১৯৭৪ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত অনুষ্ঠিত এখন নাগৰিক সভাই ফুকনৰ বক্তব্য শুনি সাহিত্যিক গোয়েন্দাৰ দুষ্কৰ্মৰ প্রতিবাদ কৰিছিল। সেই সভাত এক সাৰগৰ্ভ ভাষণেৰে প্ৰয়াত ড° ভবেন্দ্ৰ নাথ শই্কীয়াই সকীয়াই দিছিল যে নীলমণি ফুকনৰ বেলিকা যি ভয়ংকৰ জালিয়াতি হৈছে সেয়া অসমৰ বৌদ্ধিক জগতলৈ অশনি সংকেত কঢ়িয়াই আনিছে। সেই সভাত উপস্থিত থাকি ফুকনৰ লগত সহমর্মিতা প্রকাশ কৰিছিল ৰাধিকামোহন ভাগৱতী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কেশৱ মহন্ত, মুনীন বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, হীৰেন দত্ত আৰু তাৰক গোস্বামী আদি ভালেমান সাহিত্য-সংস্কৃতি জগতৰ সন্মানীয় ব্যক্তিয়ে(সূত্ৰ: দৈনিক অসম,১২ ছেপ্টেম্বৰ,১৯৭৪চন)

ৰহস্য ক'ত ?

নীলমণি ফুকন কথা অসমৰ সাহিত্য জগতলৈ Nightmare কঢ়িয়াই অন্য ECHO ছাপাৱা হৈছিল এই অসম মূলুকতে। ফুকনৰ সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ ষড়যন্ত্রণ অংগ হিচাপে দুজন কবি টিলিকাই বহুদিন আগতেই এক ভয়াবহ ব্লু-প্রিন্ট ৰচনা কৰিছিল, য'ত এখন ইংৰাজী আলোচনীত বিশ্বৰ বিখ্যাত কেইজনমান কবিৰ কবিতাৰ লগতে নীলমণি ফুকনৰ বহুপঠিত আৰু জনপ্রিয় "টোপনিতো মোক" কবিতাটো ইংৰাজীলৈ ভাঙনি কৰি Leon Felipe Canmino Nightmare বুলি ছপোৱা হৈছিল। চোৰে বোলে চুৰি কৰি যাওঁতে পুলিচলৈ কিবা নহয় কিবা এটা সূত্ৰ এৰি থৈ যায়। ষড়যন্ত্রকাৰীসকল যে একে সময়তে ধূর্ত আৰু বুদ্ধিমান আছিল সন্দেহ নাই কিন্তু অপৰাধৰ বহু সূত্ৰ এৰি থৈও গৈছিল।

কিন্তু স্বীকাৰ কৰিব লাগিব ষড়যন্ত্ৰৰ ব্লু-প্রিন্ট আছিল অভূতপূর্ব। অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰি স্পেনিছ কবিৰ নামত চলাই দি কবিতাৰ আচল মালিককে চোৰ বনাই পেলোৱা— অসমীয়া বিদ্যাবাগীশ গোয়েন্দাৰ কি অভাৱনীয় উদ্ভাবনী প্রতিভা! 'তোমাৰ বাৰীৰ বাঁহ গাজ তাৰে কৰিছো খৰিচা। তোমাতে সলাই ধান দোন লওঁ কথাটো মন কৰিছা।' কৌশল প্রয়োগতো গোয়েন্দাসকলে অপূর্ব দক্ষতা দেখুৱাইছিল। অসমত 'নিৰ্মাণ কৰা ECHO ৰ দুটা কপি ছপোৱা হৈছিল। ১৯৬১ চনৰ আলোচনী। ১৯৭৪ ত দেখুৱাব লাগিব। পৰিকল্পনাটো অনুমানিক বাস্তৱায়িত হৈছিল ১৯৭১ চন মানত। সেয়ে গুৱাহাটীৰ বাতৰি কাকত ছপা হোৱা প্ৰেছ এটাৰ পৰা মটিয়া ৰঙৰ নিউজ প্রিণ্ট কেইখিলামান সংগ্রহ কৰি তাতে ECHO ছপোৱা হৈছিল—যাতে দেখাত বহুদিনৰ আগৰ যেন লাগে। ছপাই ধোঁৱাচাঙত তুলি থোৱা হ'ল। তাৰ পিচত একেবাৰে 'আমাৰ প্ৰতিনিধি'ৰ কাৰ্যালয়। আমাৰ প্রতিনিধি'ব সম্পাদনা বিভাগকো সেই ধুৰন্ধৰকেইজনে টুপী পিন্ধাই দিলে। এই কাহিনীৰ ইমানতে অন্ত পৰিল। কিন্তু নীলমণি ফুকনক অপদস্থ কৰাৰ চক্ৰান্তৰো তাতেই শেষ হ'লনে ?

অন্য এক দৃশ্যপট

উপৰোক্ত ঘটনাৰ প্ৰায় দুই দশকৰ পিচত অসম চৰকাৰৰ অধীনৰ আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, চমুকৈ আবিলেকে প্ৰকাশ কৰা 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' (ষষ্ঠ খণ্ড, নৱেম্বৰ ১৯৯৩ চন) ত (সম্পাদক : হোমেন বৰগোহাঞি) কাব্য সমালোচক প্রদীপ আচাৰ্যই অসমীয়া কবিতাৰ কুৰিটা বছৰ শীৰ্ষক নিবন্ধত লেখিলে 'স্পেনীয় কবি কেমিনোৰ প্ৰভাৱ পৰা টোপনিতো তেওঁ মোক খেদি ফুৰিছিল (পৃঃ ৪) কবিতাটো ৰসোত্তীর্ণ আন্দ ইয়াৰ অনুষংগ আৰু পৰিমণ্ডল স্বকীয় অনুভূতিৰে সমুজ্জ্বল (উপৰোক্ত গ্রন্থ, পৃষ্ঠা ৩৯০)। এই বিষয়ত মোৰ মন্তব্য দিবলৈ একো নাই।

নীলমণি ফুকন নিজেও 'আবিলেক'ৰ প্ৰশাসনীয় ব'ৰ্ডৰ এজন সদস্য আছিল। তেওঁ আচাৰ্যৰ ওপৰৰ বক্তব্যৰ বাবে সেই সময়ৰ আবিলেকৰ সঞ্চালক টাবু টাইডৰ ওচৰত প্রতিবাদ কৰিছিল বুলিও শুনিছিলো। কি হ'ল নাজানিলো। এই সকলোবোৰৰ ওপৰত আলোকপাত কৰিব পৰা ব্যক্তিজন ফুকন ছাব নিজেই। ব্যক্তিগত ঈৰ্ষাজনিত আক্রোশে জন্ম দিয়া নীতিহীনতাই অসমৰ বৌদ্ধিক জগত বহুবাৰ কলংকিত কৰিছে। তাৰে দুই-এটা নিৰীক্ষণ কৰিছো মাত্র। বিচাৰ পাঠক সমাজলৈ এৰিলো। কিমধিকমিতি।

এইবোৰ কথাৰ ৰহস্য ফাদিল হ'ব চিঠিখনৰ জৰিয়তে । ষড়যন্ত্ৰৰ আৰত কোন আছিল ? কোন সেই তিনিজন ব্যক্তি ? কাব্যঋষিৰ মৃত্যুৰ পাছত সেই চিঠিখনৰ প্ৰসংগৰে বিশিষ্ট সাংবাদিক, স্তম্ভ লেখক নিত্য বৰাই ক'লে বেংকৰ লকাৰত আছে নীলমণি ফুকনে তেওঁলৈ লিখা এই চিঠিখন । তেওঁক লৈ চলা ষড়যন্ত্ৰৰ সন্দৰ্ভত বিসদ ভাৱে কাকতত এটা লিখা লিখোতে নীলমণি ফুকনে এই চিঠিখন তেওঁৰ হাতত দি কৈছিল "মোৰ মৃত্যুৰ পাছত এই চিঠি খুলিবা, বিশ্বাস ৰাখিবা "

সেয়েহে নীলমণি ফুকনৰ মৃত্যুৰ পাছত তেওঁৰ কোনোবা এখন স্মৃতিচাৰণ সভাত খোলা হ'ব এই চিঠি । ৰাজহুৱা কৰিব কি লিখি থৈ গৈছিল নীলমণি ফুকনে । সেই ষড়যন্ত্ৰকাৰীৰ নামবোৰ পোহৰলৈ আহিব । যোৱা ১৯ বছৰে বন্ধ খামৰ ভিতৰতে আছে চিঠিখন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in