সকলো আঁচনিৰ ভিতৰতে নিযুত মইনা আঁচনিখন সৰ্বশ্ৰেষ্ঠ: ৰণজিৎ কুমাৰ দাস

সকলো আঁচনিৰ ভিতৰতে নিযুত মইনা আঁচনিখন সৰ্বশ্ৰেষ্ঠ: ৰণজিৎ কুমাৰ দাস
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি: পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ৪৯৬ গৰাকী ছাত্ৰীক আবেদন পত্ৰ বিতৰণ কৰা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাস। লগতে উপস্থিত থাকে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক ডেকা, বজালী জিলাৰ অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধি, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তহবিলদাৰকে আদি কৰি অধ্যাপক-অধ্যাপিকাসকল আৰু বিশিষ্ট ব্যক্তিসকল ৷

"অসমৰ সৰ্বশ্ৰেষ্ঠ, সৰ্বোপকাৰি ছাত্ৰীসকলৰ কল্যাণৰ বাবে প্ৰৱৰ্তন কৰা নিযুত মইনা আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ, এই ধন্যবাদ মই মন্ত্ৰী হোৱাৰ কাৰণে জনোৱা নাই ৷ এই ধন্যবাদ জনাইছোঁ এই কাৰণেই যে, গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৯১ চনত মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ছাত্ৰী অৱস্থাত থকা মোৰ পত্নীক ঘৰৰ পৰা প্ৰতিমাহে দিছিলে মাত্ৰ ৩০০ টকা ৷ সেই তিনিশ টকাৰেই তেওঁ সকলো খা-খৰচ সামৰি লাইব্ৰেৰী আদিত পঢ়াশুনা কৰি স্নাতকোত্তৰ ডিগ্ৰী লৈছিল ৷ বহু এনেকুৱা ছাত্ৰীও লগ পাইছিলোঁ বা এতিয়াও লগ পাওঁ যাৰ মেধা শক্তি থকাৰ পিছতো পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে তেওঁলোকে শিক্ষা জীৱন আধাতে সমাপ্ত কৰিব লগা হয় ৷ মোৰ সমষ্টিতেই এনে বহু পৰিয়াল আছে যি নিজৰ ছোৱালীজনীক বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচৰ বাবদ মাহেকত মাত্ৰ ১,০০০ পৰা ১,৫০০ টকাহে দিব পাৰে ৷ কিন্তু এতিয়া অন্ততঃ তেনে আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰীসকলে পঢ়া আধাতে এৰিব নালাগে, সেই সমস্যা চিৰদিনৰ বাবে অন্ত পৰিল ৷ কিয়নো, এতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহে ১০০০ টকাকৈ বছৰি ১০,০০০ টকা, স্নাতকৰ ছাত্ৰীয়ে মাহে ১,২৫০ টকাকৈ বছৰি ১২,৫০০ টকা আৰু স্নাতকোত্তৰ নামভৰ্তিৰ পিছত প্ৰতিমাহে ২,৫০০ টকাকৈ বছৰি ২৫,০০০ টকাকৈ চৰকাৰৰ পৰা লাভ কৰাৰ পিছত কোনো ছাত্ৰীয়ে যে আৰ্থিক দৈন্যতাৰ কাৰণে শিক্ষা জীৱন সমাপ্ত কৰিব লগা নহয় সেয়া নিশ্চিত কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰ খনে ৷ সেয়েহে, অসমত এতিয়ালৈ ৰূপায়ণ হোৱা সকলো আঁচনিৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি খন সৰ্বশ্ৰেষ্ঠ বুলি মই অভিহিত কৰোঁ৷ এনেদৰে পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে নিজৰ ভাষণত এই মন্তব্য কৰে৷

সকলো আঁচনিৰ ভিতৰতে নিযুত মইনা আঁচনিখন সৰ্বশ্ৰেষ্ঠ: ৰণজিৎ কুমাৰ দাস
ড০ পূৰৱী শইকীয়ালৈ বিজ্ঞানৰ শান্তিস্বৰূপ ভাটনাগৰ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in