ডিজিটেল সংবাদ, লখিমপুৰ: লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁও নিৱাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কণিষ্ঠ কন্যা তথা বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড০ পূৰৱী শইকীয়াক কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ বিজ্ঞানৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনাগৰ বঁটা আগবঢ়াইছে। জানিব পৰা মতে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৩৩ টা ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ঘোষণা কৰিছে। ড০ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষককে অহা ২৩ আগষ্টত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান কৰিব।
উল্লেখ্য যে, সৰুৰে পৰা মেধাসম্পন্ন পূৰৱী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ পৰা সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পূৰৱীয়ে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত নেৰিষ্টত ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্ত্তি কৰে। ২০১১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আগবঢ়োৱা ফেল'শ্বিপ লৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ ৰূপে যোগদান কৰে। এই বিশ্ববিদ্যালয়ত কেইমাহমান কৰ্ম সম্পাদন কৰি তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ।
বৰ্তমান বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ পূৰৱী শইকীয়াৰ স্বামী চিকিম বিশ্ববিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰত যদিও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধমৰ্মে তেওঁ আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল'শ্বিপৰ বাবে ন-মহীয়া এক গৱেষণাত ব্যস্ত আছে। স্মৰ্তব্য যে, ভাৰতবৰ্ষৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বিপৰীতে এনেদৰে সৰ্বোচ্চ সন্মান লাভ কৰা ডঃ পূৰৱী শইকীয়া হ'ল অসমৰ ষষ্ঠগৰাকী অসমীয়া। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বিজ্ঞান-প্রযুক্তিবিদ্যা বিষয়ক বিভিন্ন প্রতিবেদন সফলতাৰে উপস্থাপন কৰাৰ সুবাদত লখিমপুৰৰ জীয়ৰী ড° পূৰবী শইকীয়াক লক্ষ্ণৌত অৱস্থিত 'প্রফেছৰ এইচ এছ শ্রীবাস্তৱ ফাউণ্ডেচন ফৰ ছায়েন্স এন্ড ছ'চাইটি'য়ে ২০১৮-১৯ বৰ্ষৰ যুৱ মহিলা নেতৃত্ব বঁটাৰে সন্মানিত কৰিছিল।
ডঃ শইকীয়াই বিজ্ঞানৰ এই সৰ্বোচ্চ বঁটা লাভ কৰাৰ খবৰে তেওঁৰ জন্মস্থলীৰ ৰাইজক উৎফুল্লিত কৰি তোলাৰ লগতে সমগ্ৰ লখিমপুৰবাসীয়েই সন্তুষ্টি ব্যক্ত কৰিছে। ইফালে ডঃ পূৰৱী শইকীয়াই ৰাজ্যবাসীলৈ কঢ়িয়াই অনা এই উৎসাহজনক খবৰক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ, সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা, লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষে ডঃ পূৰৱী শইকীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে।