ডিজিটেল সংবাদ,ধেমাজিঃ নতুন দিল্লীৰ তালকোটৰাত অনুষ্ঠিত হোৱা একাদশ সংখ্যক ৰাষ্ট্ৰীয় টাং ছু ডু প্ৰতিযোগিতাত সাফল্য লাভ অসম সন্তান নিবিড় শংকৰ ডেকাবৰুৱাৰ ৷ ৩৩ কেজি শাখাত তিনিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদকেৰে উজলিল ধেমাজিৰ সন্তান ৷
নতুন দিল্লীৰ টালকোটৰা ষ্টেডিয়ামত এক জানুৱাৰীৰ পৰা তিনি জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল একাদশ সংখ্যক ৰাষ্ট্ৰীয় টাং ছু ডু প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত তেত্ৰিশ কেজি শাখাত ধেমাজিৰ গোগামুখৰ সন্তান তথা গুৱাহাটী নাৰেংগীৰ এছ.এফ.এছ. স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিবিড় শংকৰ ডেকাবৰুৱাই ফাইটিং, কাটা আৰু ষ্টিক কাটাত স্বৰ্ণ আৰু বৰ্ড ব্ৰেকিংত ৰূপৰ পদক লাভ কৰে ।
প্ৰতিযোগিতাত সাফল্য লাভ কৰি গোগামুখৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে নিবিড় শংকৰ ডেকাবৰুৱাই ৷
গুৱাহাটীৰ ঈগল মাৰ্চিয়েল আৰ্ট আৰু যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক দেৱজিত গগৈৰ দ্বাৰা প্ৰশিক্ষিত অসমৰ দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে নতুন দিল্লীয়ে প্ৰথম, মহাৰাষ্ট্ৰই দ্বিতীয় স্থান লাভ কৰে ৷
বিশিষ্ট সাহিত্যিক, সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, সদৌ অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্ৰী তথা মুলাগাভৰু বঁটা প্ৰাপক ৰতিপ্ৰভা গগৈৰ নাতি তথা গোগামুখৰ গৌৰী শংকৰ ডেকা বৰুৱা আৰু জোনমনি ডেকা বৰুৱাৰ কণিষ্ঠ সন্তান নিবিড় শংকৰ ডেকা বৰুৱাৰ সাফল্যই আনন্দিত কৰি তুলিছে গোগামুখবাসীক ৷